মাজুলী, 4 মে’ : সাময়িকভাৱে স্থগিত ৰখা গৈছে যোৰহাট মাজুলীৰ দলঙৰ নিৰ্মাণ কাৰ্য (Jorhat Majuli connecting Bridge) ৷ কাৰিকৰী দলে নিৰ্মাণৰত অৱস্থাত থকা দলঙৰ 12 টা খুঁটাৰ বহন ক্ষমতা পৰীক্ষা কৰাৰ পাচতহে এই নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰা হ’ব ৷ এই কথা ঘোষণা কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ কাৰ্যবাহী অভিযন্তা(ৰাজ্যিক) প্ৰশান্ত শইকীয়াই ।
উল্লেখ্য যে, মাজুলী যোৰহাট সংযোগী দলঙৰ মাজুলী দিশৰ খুঁটা সমূহৰ নিৰ্মাণ কাৰ্য (Jorhat Majuli bridge construction) অব্যাহত থকাৰ মাজতে বিগত 1 মে’ত 8 আৰু 11 নম্বৰৰ দুটাকৈ খুঁটাত বৃহৎ ফাঁট মেলাৰ তথ্য পোহৰলৈ আহিছিল ৷ তাৰ পাচতে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷
আনহাতে, সাংবাদিকৰ দল আৰু স্থানীয় দল সংগঠনৰ প্ৰতিনিধিয়ে দলং নিৰ্মাণকাৰী সংস্থাক জবাবদিহি কৰাৰ পিছত নিৰ্মাণ স্থলীত উপস্থিত হৈছিল ৰাষ্ট্ৰীয় ঘাইপথ যোৰহাটৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিখিলেশ ভট্টাচাৰ্য । এই বাতৰি সম্প্ৰচাৰ হোৱা পাচতে দলং নিৰ্মাণ স্থলীত উপস্থিত হয় মাজুলীৰ বিধায়ক ভূৱন গাম আৰু মাজুলীৰ উপায়ুক্ত পুলক মহন্ত ৷
লগতে পঢ়ক :দলঙৰ গাঁতত সোণ বিচাৰি মাজুলীত ৰাইজৰ হেতা ওপৰা
মাজুলীৰ উপায়ুক্তগৰাকীৰ তৎপৰতাত মাটিৰে পুতি পেলোৱা দলঙৰ 8 নম্বৰৰ খুঁটাৰ ফাঁট মেলা অংশ জেচিবিৰে খান্দি পৰীক্ষা কৰা হয় ৷ তাৰ পিছতে উপায়ুক্ত গৰাকীৰ নিৰ্দেশত দলঙৰ 8 নম্বৰৰ খুঁটাটোৰ নিৰ্মাণ কাৰ্য সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল । বহু প্ৰত্যাশিত যোৰহাট মাজুলীৰ দলঙৰ নিৰ্মাণত দলং খনৰ মূল নিৰ্মাণকাৰী সংস্থা UP State Bridge Corporation য়ে প্ৰাৰম্ভিক অৱস্থাতে অনিয়ম সংঘটিত কৰাৰ খবৰে এতিয়া তোলপাৰ লগাইছে ৰাজ্য ৷