অসম

assam

By

Published : Aug 24, 2019, 11:37 AM IST

Updated : Aug 24, 2019, 1:11 PM IST

ETV Bharat / state

ৰাজ্য জুৰি উলহ-মালহৰে পালন কৰা হ'ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী

জন্মাষ্টমীত বিভিন্ন কাৰ্যসূচীৰ লগতে শিশু কৃষ্ণৰ ৰূপত অৱতীৰ্ণ হোৱা শিশু সকলে কৃষ্ণ জন্মোৎসৱত উপস্থিত সকলোৰে মন মুগ্ধ কৰে ৷ লখিমপুৰৰ সীতাৰামজী ঠাকুৰবাৰীতো দিনযোৰা কাৰ্যসূচীৰে উৎযাপন কৰা হ'ল শ্ৰীকৃষ্ণৰ জন্মোৎসৱ

ৰাজ্য জুৰি উলহ-মালহৰে পালন কৰা হ'ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী

মাজুলী, লখিমপুৰ, কৰিমগঞ্জ, নগাঁও, 24 আগষ্টঃশুকুৰবাৰে ৰাজ্য জুৰি উলহ-মালহৰে পালন কৰা হ'ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷ জন্মাষ্টমী উপলক্ষে নাম প্ৰসংগৰে মুখৰিত হৈ পৰিল সমগ্ৰ ৰাজ্য ৷

ৰাজ্য জুৰি উলহ-মালহৰে পালন কৰা হ'ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী

মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰত দুদিনীয়কৈ আয়োজন কৰা হ'ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী৷ আনহাতে হাজাৰ হাজাৰ বন্তি চাকিৰে উজ্বলিল নগাঁৱৰ ঐতিহ্যমণ্ডিত কলিয়া গোসাঁই থান৷পূৱাৰ পৰা হৰি নামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠ পুৰিত পৰিণত হ'ল ৰাইডঙীয়াৰ শ্ৰী শ্ৰী ক'ৰচুং সত্ৰৰ শ্ৰী শ্ৰী কলিয়া গোঁসাই থান৷ পঞ্চশতাধিক বছৰ গৰকা এই শ্ৰী শ্ৰী কলিয়া গোঁসাই থানত প্ৰতি বছৰে জন্মাষ্টমী পালন কৰা হয় ৷ এইবেলিও থানখনিত তিনিদিনীয়া ধৰ্মীয় কাৰ্যসূচীৰে ৫০৩তম কৃষ্ণ জন্মাষ্টমী উৎসৱ আয়োজিত কৰা হৈছে । একেদৰে লখিমপুৰৰ সীতাৰামজী ঠাকুৰবাৰীতো দিনযোৰা কাৰ্যসূচীৰে উৎযাপন কৰা হ'ল শ্ৰীকৃষ্ণৰ জন্মোৎসৱ ৷ এই জন্মাষ্টমীত বিভিন্ন কাৰ্যসূচীৰ লগতে শিশু কৃষ্ণৰ ৰূপত অৱতীৰ্ণ হোৱা শিশু সকলে কৃষ্ণ জন্মোৎসৱত উপস্থিত সকলোৰে মন মুগ্ধ কৰে ৷ ইপিনে সীমান্ত জিলা কৰিমগঞ্জতো উলহ মালৰে পালন কৰা হ'ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷ কৰিমগঞ্জৰ মদন মোহন মন্দিৰত ভগৱান শ্ৰীকৃষ্ণ আৰু যশোদাৰ ৰূপত বহু শিশুয়ে অংশ লয় ৷ এনেদৰেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উৎযাপন কৰা হ'ল শ্ৰীকৃষ্ণৰ জন্মোৎসৱ ৷

Last Updated : Aug 24, 2019, 1:11 PM IST

ABOUT THE AUTHOR

...view details