অসম

assam

By

Published : Dec 29, 2020, 4:58 PM IST

ETV Bharat / state

নদী দ্বীপ মাজুলীত উপস্থিত ইজৰাইলৰ ৰাষ্ট্ৰদূত

নদী দ্বীপ মাজুলীত উপস্থিত হয় ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিয়ান ম'লান । সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান প্ৰাকৃতিৰ প্ৰাচুৰ্যৰে ভৰপুৰ মাজুলীত উপস্থিত হৈ অভিভূত হৈ পৰে ৰাষ্ট্ৰদূত গৰাকী ।

israel-ambassador-visited-majuli
নদী দ্বীপ মাজুলীত উপস্থিত ইজৰাইলৰ ৰাষ্ট্ৰদূত

মাজুলি, 29 ডিচে্ম্বৰ: নদী দ্বীপ মাজুলীত উপস্থিত হয় ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিয়ান ম'লান । সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান প্ৰাকৃতিৰ প্ৰাচুৰ্যৰে ভৰপুৰ মাজুলীত উপস্থিত হৈ অভিভূত হৈ পৰে ৰাষ্ট্ৰদূত গৰাকী । মাজুলীৰ ঐতিহাসিক নতুন চামগুৰি সত্ৰৰ মুখাশিল্প দৰ্শন কৰে ম'লানে । বিশিষ্ট মুখাশিল্পী ড৹হেমচন্দ্ৰ গোস্বামীৰ পৰা মুখা ক্ৰয় কৰি নিয়াৰ লগতে হেমচন্দ্ৰ গোস্বামীয়ে মুখা উপহাৰ দিয়ে ৰাষ্ট্ৰদূত গৰাকীক । লগতে কনমানি শিল্পীয়ে অঘাসুৰৰ মুখা পৰিচালনা কৰাৰ লগতে মুখা লগাই অভিনয় কৰা আশ্বৰ্যকৰ দৃশ্য দেখি আনন্দিত হৈ পৰে ৰাষ্ট্ৰদূতগৰাকী । ঐতিহাসিক দক্ষিণ পাট সত্ৰৰ ছশ বছৰীয়া ঐতিহাসিক সম্পদসমুহেও অভিভূত কৰিলে ৰাষ্ট্ৰদূত গৰাকীক ।

নদী দ্বীপ মাজুলীত উপস্থিত ইজৰাইলৰ ৰাষ্ট্ৰদূত

মাজুলীৰ বহুকেইখন সত্ৰ ভ্ৰমণ কৰাৰ লগতে বৈষ্ণৱ সকলৰ জীৱন শৈলীৰ ওপৰতো মতবিনিময় কৰে ম‘লানে। মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ লগতে ঐতিহ্য মণ্ডিত কলা দেখি অভিভুত হল ৰাষ্ট্ৰদূত ৰিয়ান ম'লান। তেওঁৰ লগত বহুকেইগৰাকী পৰ্যটকে মাজুলীৰ ঐশ্বৰ্যশালী সম্পদ প্ৰাকৃতিক সৌন্দৰ্য দৰ্শন কৰি মঙলবাৰে পুৱা ফেৰীৰে যোৰহাটলৈ ঘূৰি যায় ।

লগতে পঢ়ক: হোৱাইট হাউছৰ ডিজিটেল টীমত ভাৰতৰ আয়েশা শ্বাহ

ABOUT THE AUTHOR

...view details