মাজুলী, 9 মাৰ্চ: প্ৰতি বছৰে 8 মাৰ্চৰ দিনটোত সমগ্ৰ বিশ্বতে উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস ৷ নাৰীসকলক বিশেষ স্বীকৃতি দিবলৈ লগতে নাৰীৰ অধিকাৰৰ প্ৰতি সজাগতা তথা সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে বিশ্বজুৰি 8 মাৰ্চৰ দিনটোত উদযাপন কৰা হয় এই আন্তৰ্জাতিক নাৰী দিৱস ৷ প্ৰতি বছৰে এক নিৰ্দিষ্ট বিষয়বস্তৰ আধাৰত উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস ৷ 2023 বৰ্ষৰ আন্তৰ্জাতিক নাৰী দিৱসৰ বিষয়বস্ত হৈছে ‘‘ডিজিটেল: লিংগ সমতাৰ বাবে উদ্ভাৱন আৰু প্ৰযুক্তি’’ (Innovation and technology for gender equality) ৷
সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমতো যোৱা 8 মাৰ্চৰ দিনটোত বিভিন্ন প্ৰান্তত, বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হ'ল আন্তৰ্জাতিক নাৰী দিৱস ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে যোৱা বুধবাৰে মাজুলীতো বিভিন্ন কাৰ্যসূচীৰে উদযাপিত হ'ল আন্তৰ্জাতিক নাৰী দিৱস 2023 ৷ মাজুলীৰ আউনীআটী (Auniati Majuli District) আলিমূৰত উদযাপন কৰা হয় নাৰী দিৱস ৷ মাজুলী জিলা মহিলা সমিতি, আইন সাহাৰ্য কোষ আৰু ইমপেক্ট এন ইৰ উদ্যোগত আৰু আউনীআটী আলিমুৰ শংকৰ শিৰোমণি মহিলা সমিতিৰ সহযোগত উদযাপন কৰা হয় এই দিৱসৰ ৷ মাজুলীৰ আলিমূৰ বোকোৰা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ ৷