মাজুলী, 5 আগষ্ট :বিশ্বায়নৰ যুগত অৰ্থনৈতিক ধামখুমীয়াত উদাসীন সত্ৰৰ পৰম্পৰাৰ 550 বছৰীয়া স্বৰ্ণিল ঐতিহ্যৰ প্ৰতি আহিছে চৰম প্ৰত্যাহ্বান ৷ ক্ৰমাৎ কমিবলৈ ধৰিছে উদাসীন সত্ৰৰ বৈষ্ণৱৰ সংখ্যা ৷ প্ৰত্যাহ্বানৰ মাজতো সগৌৰৱে জিলিকি আছে উদাসীন সত্ৰৰ সত্ৰীয়া পৰম্পৰা ৷ পৰিয়াল পৰিকল্পনা, যুৱপ্ৰজন্মৰ সত্ৰৰ প্ৰতি অনিহা, শিশু আনয়নত ভয়াৱহ প্ৰত্যাহ্বান, আৰ্থিক দৈনতাৰ বাবে উদাসীন সত্ৰত বৈষ্ণৱৰ সংখ্যা দিনক দিনে হ্ৰাস পাইছে ৷
লগতে পঢ়ক :আহোম ঐতিহ্য বহনকাৰী মাজুলীৰ এখন বিশেষ বিচনী
ইয়াৰ মাজতো একাংশ সংস্কৃতিবান পৰিয়ালৰ মহানুভৱতাৰ বাবে জীয়াই আছে এই পৰম্পৰা ৷ 2 বছৰৰ পৰা তিনিবছৰৰ কণমানি দেৱশিশুক পিতৃ-মাতৃৰ বুকুৰ পৰা মায়াৰ বান্ধোন ছিঙি উদাসীন সত্ৰত বৈষ্ণৱ সকলে লালন-পালন কৰে ৷ উদাসীন বৈষ্ণৱ সকলে সত্ৰলৈ লৈ অনা শিশুটিক পিতৃ-মাতৃৰ দৰে আপদাল কৰে, সংস্কাৰ প্ৰদান কৰে, সৎ মানুহৰ দিক দৰ্শন দিয়ে ৷ সত্ৰীয়া নৃত্য, গীত, বাদ্য, ভাওনাৰ শিক্ষা প্ৰদান কৰি একো একোজন সত্ৰীয়া শিল্পী হিচাপে গঢ়ি তোলে ৷
উপাসনাৰ থলীত দুজনা গুৰুৰ অমৰ সৃষ্টি উপাসনাৰ মাধ্যম হিচাপে সত্ৰীয়া শিক্ষা প্ৰদান কৰে ৷ এক ঐশ্বৰিক শক্তি অন্তৰ্নিহিত হৈ আছে গুৰু দুজনাৰ উদাসীন পৰম্পৰা জীৱন চৰ্যাত ৷ এখন সুকীয়া পৃথিৱী য'ত আছে সুকীয়া ৰীতি-নীতি আৰু জীৱন শৈলী ৷ য'ত নাই মায়াৰ বান্ধোন, বৈষয়িক সুখ, কামনা-বাসনা ৷ য'ত কেৱল কৃষ্ণস্ত ভগৱান স্বয়ম ৷ যি কেৱল ঈশ্বৰ উপসনা সংস্কৃতিৰ সাধনা ৷