অসম

assam

ETV Bharat / state

মাজুলীৰ শিক্ষা খণ্ডত ব্যাপক অনিয়ম

শিক্ষকৰ মইমতালি ৷ আধাতে শ্ৰেণী সামৰি ঘৰলৈ যায় শিক্ষক ৷

By

Published : Oct 18, 2019, 1:40 AM IST

মাজুলীৰ শিক্ষা খণ্ডত ব্যাপক অনিয়ম

মাজুলী, 17 অক্টোবৰঃ একাংশ শিক্ষকৰ মইমতালিৰে চলিছে মাজুলীৰ কেইখনমান বিদ্যালয় ৷ ই টিভি ভাৰতৰ চৰজমিন তদন্তত পোহৰলৈ আহিছে একাংশ বিদ্যালয়ত শিক্ষকৰ এনে অনিয়ম ৷ কোনো নিয়ম নাই, শিক্ষকে নিজৰ খেয়ালখুচি মতে ছুটি দিয়ে বিদ্যালয় ৷ নিজৰ মন গ'লেই কৰে পাঠদান ৷ বৃহস্পতিবাৰেও দেখা গ'ল তেনে অনুৰূপ দৃশ্যৰ । দিনৰ বাৰৰ পৰা এক ঢেৰ বজাতেই বিদ্যালয় ছুটি দি ঘৰাঘৰি গ'ল শিক্ষক ।

ই টিভি ভাৰতৰ সাংবাদিক উপস্থিত হোৱাত থতমত খালে শিক্ষকসকলে ৷ কোনো শিক্ষকে যদি গলধনৰ বিষৰ বাবে লৰালৰিকৈ ঘৰত গৈছে, কোনোবা নিজৰ কাৰখনৰ পলিউচন চাৰ্টিফিকেটৰ কামত ৷ এনেকৈয়ে পানী লগা জ্বৰ, গলধনৰ বিষ,মুৰৰ বিষ, ডিচেন্ট্ৰীত আক্ৰান্ত মাজুলীৰ শিক্ষা খণ্ড । একাংশ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকে এইদৰেই আভূঁৱা ভাৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকক । সঁচা অৰ্থত মূৰৰ পৰাই গেলিছে মাজুলীৰ শিক্ষাখণ্ড ৷

insincere teachers in majuli school

ABOUT THE AUTHOR

...view details