মাজুলী, 19 এপ্ৰিল : মাজুলীৰ দক্ষিণ পাৰৰ মাজত যাতায়ত যোগাযোগৰ একমাত্ৰ মাধ্যম ফেৰী সেৱা । এই ফেৰী সেৱা কিবা কাৰণত বন্ধ হ’লেই মাজুলীৰ দুই লক্ষ জনতাৰ দক্ষিণ পাৰৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে । 2021 চনৰ 8 ছেপ্তেম্বৰৰ নিমাতীৰ ভয়াৱহ ফেৰী দুৰ্ঘটনাৰ আগতে দক্ষিণ পাৰৰ লগত যোগাযোগৰ একমাত্ৰ সম্বল আছিল একক ইঞ্জিন যুক্ত ফেৰী (Majuli ferry accident)। সেই ভয়াৱহ ফেৰী দুৰ্ঘটনাৰ পাচতেই যাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে নিজা তত্বাৱধানত দুখনকৈ ৰ'পেক্স ফেৰী আফলামুখ নিমাতীৰ মাজত চলাচলৰ ব্যৱস্থা কৰিছিল (Ropax service in Majuli)।
বিহুৰ বতৰতে কিন্তু এই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কৰিলে এক নাভুত-নাশ্ৰুত কাণ্ড ৷ বিয়াৰ বাবে ভাৰালৈ দিলে ৰ’পেক্স ফেৰী ৷ অফলামুখ আৰু নিমাতীৰ মাজত চলা ৰ’পেক্স ফেৰী দুদিনীয়াকৈ বিয়াৰ বাবে ভাৰাত ব্যৱহাৰ কৰা কাণ্ডই মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Majuli ferry news) ।
বুধবাৰে পুৱাৰ ভাগত অফলামুখ ফেৰী ঘাটত ৮ বজাৰ ৰ’পেক্স ফেৰী খনত নদী পাৰ হ’বলৈ শতাধিক মানুহে অপেক্ষা কৰি থাকি শেষত ৰ’পেক্সৰ সলনি ব্যক্তিগত গুটিয়া নাৱেৰে পাৰ হ’ব লগা হোৱাত আক্ষেপ প্ৰকাশ কৰিছে যাত্ৰী সকলে । ইফালে বিভাগীয় কৰ্মচাৰীয়ে জনোৱা মতে, ওপৰ মহলৰ নিৰ্দেশানুসৰি এই ৰপেক্সখন ভাৰালৈ দিয়া হৈছে ৷ কিন্তু কোনে ভাৰালৈ নিছে সেই বিষয়ে অজ্ঞাত কৰ্মচাৰীসকল ৷