অসম

assam

ETV Bharat / state

Increased ferry service fares: ফেৰী সেৱাৰ ভাৰা বৃদ্ধিৰে মাজুলীবাসীৰ মূৰত মূল্যবৃদ্ধিৰ মাধমাৰ - Ferry service fares hike

আজিৰে পৰা বৃদ্ধি হ’ল মাজুলী যোৰহাট সংযোগী ফেৰী সেৱাৰ ভাৰা ৷ ক্ষোভিত স্থানীয় ৰাইজৰ লগতে, দল-সংগঠনৰ নেতৃত্ব (Ferry service fares hike)৷

Increased ferry service fares at Majuli
ফেৰী সেৱাৰ ভাৰা বৃদ্ধিৰে মাজুলীবাসীৰ মূৰত মূল্যবৃদ্ধিৰ মাধমাৰ

By

Published : Feb 1, 2023, 10:45 AM IST

ফেৰী সেৱাৰ ভাৰা বৃদ্ধিৰে মাজুলীবাসীৰ মূৰত মূল্যবৃদ্ধিৰ মাধমাৰ

মাজুলী, 1 ফেব্ৰুৱাৰী : মূল্যবৃদ্ধিত জুৰুলা ৰাজ্যবাসী ৷ অত্যাৱশকীয় প্ৰতিবিধ সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ইতিমধ্যে আৰ্থিকভাৱে জুৰুলা কৰি পেলাইছে ৰাজ্যবাসীক (Essential commodities price hike) ৷ পেট্ৰ’ল-ডিজেল আদিৰ সমান্তৰালভাৱে ৰেল, বাছ আদিৰো ভাৰা বৃদ্ধি কৰাত সমস্যাৰ সন্মুখীন হৈ আহিছে সৰ্বসাধাৰণ নাগৰিক ৷ তেনে সময়তে ৰাইজৰ মূৰত পুনৰ মূল্যবৃদ্ধিৰে মাধমাৰ শোধোৱাৰ ব্যৱস্থা কৰিছে চৰকাৰে ৷ এইবাৰ চৰকাৰ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে ফেৰী সেৱাৰ ভাৰা বৃদ্ধি কৰাৰ বাবে (Ferry service fares hike)৷

১ ফেব্ৰুৱাৰী অৰ্থাৎ মংগলবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে বৃদ্ধি পাব ফেৰী সেৱাৰ ভাৰা (Increased ferry service fares in Assam)। দুগুণ পৰ্যন্ত বৃদ্ধি পাব ফেৰী সেৱাৰ ভাৰা । সমগ্ৰ ৰাজ্যৰ লগতে মাজুলী-যোৰহাট সংযোগী ফেৰীৰ ভাৰাও বৃদ্ধি হ’ব আজিৰে পৰা ((Increased ferry service fares at Majuli ) ৷ এই খবৰ লাভ কৰাৰ পাছতে জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ উল্লেখ্য যে, যোৱা অক্টোবৰ মাহত মাজুলীৰ দল সংগঠন, মাজুলীৰ স্থানীয় ৰাইজৰ লগত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়াৰ সৈতে সম্পন্ন হৈছিল এক আলোচনা আৰু এই আলোচনাত মাজুলীৰ ৰাইজ, মাজুলীৰ দল সংগঠনে মাজুলী আৰু যোৰহাট সংযোগী পাৰঘাঁটৰ ফেৰীৰ ভাড়া বৃদ্ধি নকৰিবৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়াৰ ওচৰত দাবী জনাইছিল (Inland Water Transport Regulatory Authority) মাজুলীবাসীয়ে ।

ফেৰী সেৱাৰ ভাৰা বৃদ্ধিৰে মাজুলীবাসীৰ মূৰত মূল্যবৃদ্ধিৰ মাধমাৰ

মাজুলীৰ দল সংগঠন, সাধাৰণ ৰাইজৰ দাবীক ভেঙুচালি কৰি আজিৰে পৰা অৰ্থাৎ 1 ফেব্ৰুৱাৰীৰ পৰা মাজুলী আৰু যোৰহাট সংযোগী পাৰঘাটৰ ফেৰীৰ ভাৰা এশ শতাংশ বৃদ্ধিৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগ সাজু হৈ উঠা বিষয়টোত জাঙুৰ খাই উঠিছে স্থানীয় দল-সংগঠনৰ লগতে সৰ্বসাধাৰণ ৰাইজ ৷ আনকি এই সন্দৰ্ভত ন্যায়ালয়ৰ ৰায়কো চৰকাৰ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে নস্যাৎ কৰা বুলি অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলীৰ কৰ্ম কৰ্তাসকলে ৷

ফেৰী সেৱাৰ ভাৰা বৃদ্ধিৰে মাজুলীবাসীৰ মূৰত মূল্যবৃদ্ধিৰ মাধমাৰ

উল্লেখ্য যে, 31 জানুৱাৰী পৰ্যন্ত এজন যাত্ৰীৰ ভাড়া আছিল 10 টকা আৰু কাইলৈৰ পৰা এই ভাড়া হ’ব 20 টকা । প্ৰতি কুইন্টল সামগ্ৰী ইপাৰ-সিপাৰ কৰাৰ ক্ষেত্ৰত ভাৰা আদায় কৰিছিল ১০ টকা, কিন্তু ১ ফ্ৰেব্ৰুৱাৰীৰ পৰা প্ৰতি কুইন্টল সামগ্ৰীৰ ভাৰা হ'ব ১০০ টকা, ঠিক তেনেদৰে দুচকীয়া , চাৰি চকীয়া বাহনৰো এশ শতাংশ ভাড়া বৃদ্ধি হ’ব বুলি জানিবলৈ দিয়ে সংশ্লিষ্ট বিভাগটোৱে ।

যাতায়তৰ ভাড়া বৃদ্ধি হোৱাৰ লগে লগে মাজুলীবাসীৰ মূৰত মূল্যবৃদ্ধিৰ মাধমাৰ পৰাটো খাটাং । দল-সংগঠনৰ প্ৰতিবাদত চৰকাৰ তথা বিভাগটোৱে সেও মানে নে নিজৰ সিদ্ধান্তত অটল থাকে সেয়াহে আগন্তুক দিনত হ’ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক :Budget session 2023: আজি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত ভাষণ দিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে

For All Latest Updates

ABOUT THE AUTHOR

...view details