মাজুলী, 6 জুলাই :ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ অৱশেষত দক্ষিণপাট সত্ৰলৈ সুখবৰ ৷ গুৰুজনাৰ সৃষ্টিৰাজি সাঁচিপতীয়া পুথিৰ পৰা আদি কৰি আহোম ৰাজত্বকালৰ বহু আপুৰুগীয়া সম্পদেৰে পৰিপূৰ্ণ হৈ থকা সত্ৰখনত এই ঐতিহাসিক সম্পদসমূহ সংৰক্ষণৰ বাবে স্থাপন কৰা হ'ব সংগ্ৰহালয় ৷ সংগ্ৰহালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে হাতত লৈছে এই গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ ৩.৬৪ কোটি টকাৰে নিৰ্মাণ কৰা হ'ব এই সংগ্ৰহালয় ৷ ৭ জুলাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰত আয়োজিত অনুকৃতিমূলক বৃন্দাৱনী বস্ত্ৰ বয়ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰি আধাৰশিলা স্থাপন কৰিব এই সংগ্ৰহালয়ৰ ৷ এই খবৰে এতিয়া আনন্দিত কৰি তুলিছে মাজুলীবাসীক ৷
ETV BHARAT ৰ বাতৰিৰ প্ৰভাৱ : সংগ্ৰহালয়ত সুৰক্ষিত হ'ব শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ আপুৰুগীয়া সম্পদ - museum
দক্ষিণপাট সত্ৰলৈ সুখবৰ ৷ গুৰুজনাৰ সৃষ্টিৰাজি আৰু আহোম ৰাজত্বৰ বহু আপুৰুগীয়া সম্ভাৰক ন জীৱন প্ৰদানৰ পদক্ষেপ চৰকাৰৰ ৷ স্থাপন কৰা হ'ব সংগ্ৰহালয় ৷
শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত সংগ্ৰহালয়
উল্লেখ্য যে, শ শ বছৰ ধৰি এটা জৰাজীৰ্ণ ঘৰৰ ভিতৰতে পৰি থকা গুৰুজনাৰ বহু সৃষ্টিৰাজি তথা আহোম যুগৰ সম্ভাৰসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ক্ৰমাগতভাৱে ইটিভি ভাৰতত প্ৰকাশ হৈ আহিছিল বাতৰি আৰু অৱশেষত সত্ৰখনলৈ আহিল এই সুখবৰটো ৷ অবিৰতভাৱে এই বাতৰি প্ৰকাশৰ বাবে শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননিগোপাল দেৱ গোস্বামীদেৱৰ লগতে বৰ ভৰালী নৰেন কটকীয়ে ধন্যবাদ জ্ঞাপন কৰে ইটিভি ভাৰতক ৷
Last Updated : Jul 6, 2019, 2:21 PM IST