মাজুলী, 4 জুন :ক'ৰণা ভাইৰাছে অমানিশা কঢ়িয়াই আনিছে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰাজ্যৰ খাটি খোৱা সাধাৰণ জনতালৈ । ক'ৰণাৰ ভয়াৱহতাই সৃষ্টি কৰা পৰিস্থিতিত এসাঁজ খাই এসাঁজলৈ চিন্তা কৰি থাকিবলগীয়া হৈছে সমাজৰ এক শ্ৰেণীৰ লোকে ৷ ক'ৰণা ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ-প্ৰশাসনে ঘোষণা কৰা আংশিক লক ডাউনৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে ক্ষুদ্ৰ ব্যৱসায়ী তথা কৃষিজীৱী লোকসকলে ৷
ক'ভিড সৃষ্ট এই পৰিস্থিতিৰ বাবেই মাজুলীৰ একাংশ ম'হ গোৱালৰ লগতে গাখীৰ বিক্ৰীৰ লগত জড়িত লোকসকলৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ ২০২০ বৰ্ষতো ক'ভিডৰ বাবে ম'হ গোৱাল সকলৰ লগতে গাখীৰ বিক্ৰী কৰা লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছিল ।
মাজুলীৰ গাঁৱে-ভূঞে, চৰচাপৰি অঞ্চলত বহু সংখ্যক লোকে ম'হ পালন কৰি গাখীৰ বিক্ৰীৰে জীৱিকা সন্ধান লৈছিল ৷ কিন্তু বৰ্তমান এই গোৱাল সকলৰ গাখীৰ বিক্ৰীৰ ক্ষেত্ৰত বজাৰৰ অভাৱ ঘটিছে ৷ মাজুলীৰ ম'হ গোৱাল সকলৰ ম'হ খুটিৰ পৰা গাখীৰ ক্ৰয় কৰি গাখীৰৰ মহলদাৰী সকলে মাজুলীৰ লগতে যোৰহাট জিলালৈকৈ বিক্ৰীৰ বাবে নিছিল । বৰ্তমান আন্তঃ জিলা যাতায়ত বন্ধ হৈ থকাৰ বাবে স্তব্ধ হৈ পৰিল গাখীৰৰ বজাৰখন ৷ এই পৰিস্থিতিত গাখীৰৰ মহলদাৰী সকলৰ গাখীৰ বিক্ৰীৰ বাবে সুবিধা নোহোৱা হ'ল ৷ যাৰ ফলত এক বৃহৎ লোকচানৰ সন্মুখীন হৈছে মাজুলীৰ ম'হৰ গোৱাল সকল ৷