অসম

assam

ETV Bharat / state

সত্ৰনগৰী মাজুলীত অসাধু ব্যৱসায়ে মেলিছে বিলাতী সুৰাৰ চোৰাং বেহা - মাজুলী আৰক্ষী

সত্ৰনগৰী মাজুলীত একাংশ অসাধু ব্যৱসায়ে গোপনে চলাই আহিছে সুৰা চোৰাং বেহা ৷ উৎসৱ-পাৰ্ৱনৰ সুযোগ গ্ৰহণ কৰি অবৈধ সুৰা বিক্ৰী অব্যাহত ৰাখিছে অসাধু চক্ৰই ৷

Illegal foreign liquor seized in majuli
সত্ৰনগৰী মাজুলীত অসাধু ব্যৱসায়ে মেলিছে বিলাতী সুৰাৰ চোৰাং বেহা

By

Published : Nov 9, 2021, 6:39 PM IST

মাজুলী, 9 নৱেম্বৰ :সত্ৰনগৰী মাজুলীত একাংশ অসাধু ব্যৱসায়ে চলাই আহিছে বিলাতী সুৰাৰ চোৰাং বেহা ৷ গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই প্ৰায় 4 লাখ টকাৰ অবৈধ সুৰা জব্দ কৰে মাজুলী আৰক্ষীয়ে ৷ বিগত দিনবোৰতো মাজুলী আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা ৷

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, সোমবাৰে নিশা মাজুলী আৰক্ষী থানাই ৰাস উৎসৱৰ পূৰ্বে মাজুলীলৈ অনা ৫০১ বটল বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে ৷ কমলাবাৰী ঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ এটা চাপৰিৰ পৰা জব্দ কৰে সুৰাখিনি ৷

সত্ৰনগৰী মাজুলীত অসাধু ব্যৱসায়ে মেলিছে বিলাতী সুৰাৰ চোৰাং বেহা

পাৰঘাটৰ এখন সৰু নাৱত মজুত ৰখা হৈছিল সুৰাখিনি ৷ এই সুৰা ব্যৱসায়ৰ লগত জড়িত কোনো এজন লোকক বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও অসাধু চক্ৰটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, আৰক্ষীৰ এই অভিযানত নেতৃত্ব দিছিল মাজুলী আৰক্ষী থানাৰ সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া উত্তম কুমাৰ ৰামচিয়াৰীয়ে ।

লগতে পঢ়ক:চিকিৎসকৰ অভাৱ ৰাজ্যৰ বহু চৰকাৰী চিকিৎসালয়ত

ABOUT THE AUTHOR

...view details