মাজুলী, 26 জুন : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) তেওঁৰ কাৰ্যকালতে মাজুলীত সকলো বিভাগ (department)ক সামৰি এটা মিনি সচিবালয় নিৰ্মাণৰ সপোন দেখিছিল ৷ তেতিয়াই সচিবালয় নিৰ্মাণৰ বাবে 50 কোটি টকাৰ আৱণ্টন দিছিল । মাজুলীৰ গড়মুৰত এই সচিবালয় বনোৱাৰ স্থান নিৰ্ধাৰণ কৰি কাম আৰম্ভ কৰা হৈছিল । এই কামৰ ঠিকা লাভ কৰিছিল মুন্না আহমেদ নামৰ এজন ঠিকাদাৰে ।
ঠিকাদাৰ মুন্না আহমেদে আৱণ্টিত ধনৰ 16 কোটি টকা উলিয়াই নিলে যদিও চাৰিটা বছৰে মিনি সচিবালয়ৰ 40 শতাংশ কামো সম্পূৰ্ণ নহ’ল ৷ ঠিকাদাৰজনে সোণোৱালৰ সপোনৰ মিনি সচিবালয়ৰ যিখিনি কাম কৰিলে, তাতো নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ তুলিছে স্থানীয় লোকে । তদুপৰি মুন্না আহমেদে যিখিনি নিৰ্মাণ কৰিছে তাতো মেলিছে চিৰাল ফাঁট ।