মাজুলী, 7 মাৰ্চঃমাজুলীৰ জেংৰাই পথাৰত পোন প্ৰথম বাৰৰ বাবে মাজুলীত অনুষ্ঠিত হৈছে ঘোঁৰা দৌৰ প্ৰতিযোগিতা । মাজুলী জেংৰাইমুখৰ খেৰকটীয়া নদী পাৰত সপ্তম মিচিং যুৱ মহোৎসৱৰ তৃতীয় দিনা এই প্ৰতিযোগিতা অনুষ্ঠিত হয় । ব্ৰিটিছৰ দিনৰ পৰাই যোৰহাটৰ জিম খানা ক্লাৱত অনুষ্ঠিত হয় আহিছে এই প্ৰতিযোগিতা ৷ কিন্তু মাজুলীত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে এই ঘোঁৰা দৌৰ প্ৰতিযোগিতা । এই ঘোঁৰা দৌৰ প্ৰতিযোগিতা চাবলৈ এতিয়া মাজুলীৰ বিভিন্ন ঠাইৰ লগতে অসমৰ ৭খন জিলা লোকে ভিৰ কৰিছে মাজুলী জেংৰাইমুখৰ খেৰকাটীয়া নদীৰ পাৰত । শনিবাৰে অনুষ্ঠিত ঘোঁৰা দৌৰ প্ৰতিযোগিতা ১৫ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।
মাজুলীৰ জেংৰাই মুখৰ ঘোঁৰা দৌৰ প্ৰতিযোগিতা - মাজুলীৰ জেংৰাই মুখৰ ঘোঁৰা দৌৰ প্ৰতিযোগিতা
মাজুলী জেংৰাইমুখৰ খেৰকটীয়া নদী পাৰত ঘোঁৰা দৌৰ প্ৰতিযোগিতা ৷ খেৰকটীয়া নদী পাৰত সপ্তম মিচিং যুৱ মহোৎসৱৰ তৃতীয় দিনাত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা ৷
মাজুলীৰ জেংৰাই মুখৰ ঘোঁৰা দৌৰ প্ৰতিযোগিতা
আনহাতে, সপ্তম মিছিং যুৱ মহোৎসৱৰ উদ্যোগতা সকলে জানিবলৈ অনুসৰি, যুৱ মহোৎসৱ লগত সংহতি ৰাখি এই ঘোঁৰা দৌৰ প্ৰতিযোগিতা প্ৰতি বছৰে আয়োজন কৰিব । অসমৰ বিভিন্ন প্ৰান্তৰ এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব । ঘোঁৰা দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থানপ্ৰাপ্ত যোৰহাট টিয়ক জাঁজী মুখৰ হৰেন টাই, দ্বিতীয় স্থানপ্ৰাপ্ত ৰঞ্জিত টাই, তৃতীয় স্থানপ্ৰাপ্ত পাপু পেগুক নগদ ধনেৰে পুৰস্কৃত কৰা হয় ।
Last Updated : Mar 7, 2020, 8:54 PM IST