গুৱাহাটী,23মাৰ্চঃ ভাৰতীয় জাতীয় সাহিত্য সংস্কৃতি ন্যাস অসম শাখাৰ প্ৰশংসনীয় পদক্ষেপ ৷ বহুকেইখন ৰাজ্যৰ আপুৰুগীয়া সম্পদ সংৰক্ষণ কৰাৰ পাছত ভাৰতীয় জাতীয় সাহিত্য সংস্কৃতি ন্যাস এইবাৰ আগবাঢ়ি আহিছে মাজুলীৰ দক্ষিণপাট সত্ৰৰ সম্পদৰাজিৰ সংৰক্ষণৰ বাবে ৷ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এই সংৰক্ষণ ব্যৱস্থাৰ সম্পৰ্কে উল্লেখ কৰে ন্যাসৰ বিষয়ববীয়া সকলে ৷ সংৰক্ষণ ব্যৱস্থাত সহায়ৰ হাত আগবঢ়াইছে পিন্স ক্লছ আৰু হুইটিং ফাউণ্ডেচনে ৷ এই প্ৰকল্পৰ অধীনত সত্ৰখনত থকা সকলো ধৰ্মপুথি আৰু সোণ-ৰূপৰ সামগ্ৰী সংৰক্ষণ কৰিব ন্যাসটোৱে ৷
আধুনিক পদ্ধতিৰে সংৰক্ষিত হ'ব দক্ষিণপাট সত্ৰৰ সম্পদৰাজি - etv bharat
সত্ৰৰ সম্পদ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে ভাৰতীয় জাতীয় সাহিত্য সংস্কৃতি ন্যাস
আধুনিক পদ্ধতিৰে সংৰক্ষিত হ'ব দক্ষিণপাট সত্ৰৰ সম্পদৰাজি
উল্লেখ্য যে,এই ন্যাসে বহু বছৰ ধৰি কেইবাখনো ৰাজ্যত জলাশয় উজ্জীৱিতকৰন,ৰুদ্ৰাক্ষ গছৰ ওপৰত অধ্যয়ন আৰু পৰম্পৰাগত কৃষি পদ্ধতিক জীয়াই ৰখাৰ বাবে প্ৰশিক্ষনকে ধৰি বিভিন্ন কামত নিয়োজিত হৈ আছে ৷