অসম

assam

ETV Bharat / state

স্থবিৰ নহয় মাজুলীৰ উন্নতি: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা - দক্ষিনপাট

পোন প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে বৃহস্পতিবাৰে মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ সত্ৰনগৰী মাজুলী পৰিভ্ৰমণ কৰাৰ লগতে মাজুলীৰ ভাগিনসকলৰ এসাঁজ খোৱা দেখা গ’ল মুখ্যমন্ত্ৰীগৰাকীক ৷

himanta-in-majuli
স্থবিৰ নহয় মাজুলীৰ উন্নতি :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : May 13, 2021, 9:27 PM IST

মাজুলী,13 মে’:যোৱা পাঁচটা বৰ্ষত মাজুলীৰ বিধায়ক হিচাপে মাজুলীৰ সৰ্বাংগীণ উন্নয়নৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বিধায়ক হিচাপে বৰ্তমানেও সৰ্বানন্দ সোণোৱাল মাজুলীবাসীৰ সৈতে আছে যদিও বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত কৰিছে যে মাজুলীৰ উন্নতি স্থবিৰ নহয় ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিচাপে পোন প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত হয় ডঃ হিমন্ত বিশ্ব শৰ্মা ।

মাজুলীত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে পোন প্ৰথমে দক্ষিণপাট সত্ৰলৈ গৈ যাদৱ ৰায়ৰ চৰণত সেৱা লয় ৷ পৰৱৰ্তী সময়ত আউনীআটী সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰলৈ যায় মুখ্যমন্ত্ৰী গৰাকী । ইয়াৰ পাছতে গড়মূৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক বৈঠকত ভাগ লয় ডঃ শৰ্মাই ৷

স্থবিৰ নহয় মাজুলীৰ উন্নতি :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

কাৰ্যসূচীৰ মাজতে মাজুলীৰ ভাগিনসকলৰ সৈতে তৃপ্তিৰে এসাঁজ খায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সত্ৰনগৰী মাজুলী পৰিভ্ৰমণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ আগত কয় যে, যোৱা পাঁচটা বছৰত সৰ্বানন্দ সোণোৱালে যিদৰে মাজুলীক আগুৱাই লৈ হৈছিল সেই ধাৰা কেতিয়াও স্থবিৰ নহয় ৷ বৰঞ্চ এক নতুন গতিত আগবাঢ়িব মাজুলীৰ উন্নয়ন ৷ ইয়াৰ লগতে ক'ভিডৰ প্ৰসংগত তেওঁ চৰকাৰৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনায় ৰাজ্যবাসীক ।

লগতে পঢ়ক:ক্ৰমাৎ এলাগী হৈ পৰিছে যোগাযোগৰ অন্যতম মাধ্যম ডাকঘৰ

ABOUT THE AUTHOR

...view details