মাজুলী, ১৬ জানুৱাৰী:অসমৰ এজন ইউটিবাৰৰ প্ৰশংসনীয় পদক্ষেপ । মাজুলীৰ এজন বিশেষভাৱে সক্ষম যুৱকক সহায়ৰ হাত আগবঢ়ালে ইউটিবাৰ মিষ্টাৰ বিতুৱে । মাজুলীৰ খলিহামাৰী গাঁৱৰ এজন দিব্যাংগ যুৱক হৈছে মোহন নগৰীয়া । জন্মৰ কিছু দিনৰ পিছতেই হৈছিল মাতৃহাৰা । বহু দুখ-কষ্টৰ মাজৰে দিন অতিবাহিত কৰিব লগা হৈছিল মোহনে । সৰু পৰাই দেখা পাইছিল দৰিদ্ৰতাৰ অভিশাপ কিমান ভয়াৱহ হ'ব পাৰে । দৰিদ্ৰ জীৱনৰ পৰা পৰিত্ৰাণ পাবলৈ মোহনে আৰম্ভ কৰিলে শাক পাচলিৰ ব্যৱসায় ।
চৰকাৰে প্ৰদান কৰা এখন চাইকেলত দৈন্দনিন জীৱৰ প্ৰয়োজনীয় কিছু পাচলি বিক্ৰীৰ বাবে ওলাইছিল চুবুৰীয়া গাঁও সমূহলৈ । ইয়াৰ মাজতে দিৱ্যাংগ মোহনে এখন হুইল চাইকেলত পাচলি বিক্ৰী কৰা চকূত পৰে মাজুলীৰ এজন সচেতন যুৱকৰ। মাজুলীৰ হেমন্ত নামৰ যুৱকজনে মোহনৰ দুখৰ কাহিনী কৈছিল ইউটিবাৰ মিষ্টাৰ বিতুক। মিষ্টাৰ বিতুৱে প্ৰতিশ্ৰুতি দিছিল মোহনক সহায় কৰাৰ। বিতুৱে গোলাঘাটৰ পৰা আহি মাজুলীৰ মোহন ঘৰত উপস্থিত হৈ ব্যৱসায় চলাই নিব পৰাকৈ এখন দোকান সাজি দিলে । দোকানত বিক্ৰীৰ বাবে কিছু সামগ্ৰী আনিলে ।