অসম

assam

By

Published : Aug 13, 2021, 9:41 PM IST

ETV Bharat / state

মাজুলীৰ হুতাৰত নদীৰ বুকুত বিলীন হোৱাৰ দিশে এখন বিদ্যালয়

মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই মাজুলীত ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ খহনীয়াৰ কৱলত পৰি আহতগুৰি হুতাৰ গাঁৱৰ এখন বিদ্যালয় নদীৰ বকুত জাহ যোৱাৰ উপক্ৰম হোৱাৰ পিছতো কাণসাৰ নাই প্ৰশাসনৰ ৷

heavy-erosion-at-sutar-village-of-majuli
মাজুলী আহতগুৰি হুতাৰত ভয়াবহ খহনীয়া

মাজুলী,13 আগষ্ট :শাওণ মাহৰ ভৰ বাৰিষাৰ এই সময়চোৱাত মাজুলীৰ আহতগুৰি হুতাৰত মহাবাহু ব্ৰহ্মপুত্ৰই ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ হুতাৰত ব্ৰহ্মপুত্ৰ ভয়াৱহ খহনীয়াত জাহ গৈছে শ শ বিঘা ভূমি ৷ লগতে নদীৰ বুকুত জাহ গৈছে ইখনৰ পাছত সিখন গাঁও, বিদ্যালয়, কৃষিভূমিকে আদি কৰি বহু অঞ্চল ৷ সমান্তৰালভাবে অঞ্চলটোৰ শিকলি চাপৰিৰ হুতাৰ প্ৰথমিক বিদ্যালয়খন খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ ইতিমধ্যেই নদীৰ বুকুত জাহ গৈছে বিদ্যালয় খনৰ শৌচাগাৰ,ৰান্ধনী ঘৰ ।

উল্লেখ্য যে, বিদ্যালয়খনৰ মূল ঘৰটোৰ এফাল ইতিমধ্যেই নদীৰ মাজত সোমাই গৈছে ৷ স্থানীয় ৰাইজে বিদ্যালয় খনৰ সা-সামগ্ৰী দুই এপদ কৈ উদ্ধাৰ কৰিছে যদিও বিদ্যালয়খনৰ সামগ্ৰী সমূহ উদ্ধাৰৰ ক্ষেত্ৰত জিলা প্ৰশাসন তথা শিক্ষা বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি জনাইছে স্থানীয় ৰাইজে ৷ নদীৰ বুকুত বিদ্যালয় খন জাহ যাবলৈ উপক্ৰম হোৱা সন্দৰ্ভত স্থানীয় ৰাইজে বিদ্যালয় কৰ্তৃপক্ষক পহিলা আগষ্টতে অৱগত কৰিছিল যদিও এই পৰ্যন্ত বিদ্যালয়খন পৰিদৰ্শনৰ বাবে কোনো লোক উপস্থিত হোৱা নাই ৷

মাজুলী আহতগুৰি হুতাৰত ভয়াবহ খহনীয়া

উল্লেখ্য যে,1980 চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খন এনেদৰে নদীত জাহ যোৱাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ৷

ক্ষোভিত ৰাইজে বিদ্যালয়খনৰ যি দুই এপদ সম্পদ বচাব পাৰিছে তাৰেই চালি দি ছাত্ৰ-ছাত্ৰী সকলৰ পাঠদান কৰাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিছে ৷ ইফালে খহনীয়াৰ কৱলত পৰি ঘৰ-মাটি হেৰুৱাই গাঁওখনৰ বহুকেইটা পৰিয়াল ইতিমধ্যেই গৃহহীন হোৱাৰ পাছতো পৰিয়াল কেইটাক কোনোধৰণৰ সহায় আগবঢ়োৱা নাই প্ৰশাসন তথা চৰকাৰে ৷ অঞ্চলটোত দীৰ্ঘদিন ধৰি খহনীয়া চলি থকাৰ পাছতো কোনো এজন চৰকাৰী মণ্ডল উপস্থিত নোহোৱাত ক্ষোভ উজাৰিছে ৰাইজে ৷

লগতে পঢ়কঃহেড ছাৰৰ দুৰ্গতি

ABOUT THE AUTHOR

...view details