অসম

assam

ETV Bharat / state

শিৱৰাত্ৰিৰ পৱিত্ৰ দিনটোতে মাজুলীত হৰ-গৌৰীৰ মিলন - শিৱৰাত্ৰিৰ পৱিত্ৰ দিনটোতে মাজুলীত হৰ-গৌৰীৰ মিলন

বৃহস্পতিবাৰে সংস্কৃতিৰ ভৰাঁল মাজুলীত দেখিবলৈ পোৱা গ’ল এখন ব্যতিক্ৰমী বিবাহ অনুষ্ঠান। শিৱৰাত্ৰিৰ পবিত্ৰ দিনটোতে বাঘৰ গাঁৱৰ এক ৰাজহুৱা স্থানত মাজুলীৰ প্ৰায় ৩৯ যোৰা দৰা-কইনাৰ একেলগে সম্পন্ন হ'ল বিবাহ কাৰ্য ৷ অগ্নিক সাক্ষী কৰি ন দৰা-কইনাই একেলগে জীৱন যুঁজত অৱতীর্ণ হোৱাৰ সংকল্প লয়।

শিৱৰাত্ৰিৰ পৱিত্ৰ দিনটোতে মাজুলীত হৰ-গৌৰীৰ মিলন
শিৱৰাত্ৰিৰ পৱিত্ৰ দিনটোতে মাজুলীত হৰ-গৌৰীৰ মিলন

By

Published : Mar 12, 2021, 12:34 PM IST

Updated : Mar 12, 2021, 1:08 PM IST

মাজুলী,12 মাৰ্চ: বিবাহ এক সামাজিক বান্ধোন। হোমৰ জুইক সাক্ষী কৰি দৰা-কইনাৰ মিলন হয় অসমীয়া সমাজত ৷ বৃহস্পতিবাৰে সংস্কৃতিৰ ভৰাঁল মাজুলীত দেখিবলৈ পোৱা গ’ল এখন ব্যতিক্ৰমী বিবাহ অনুষ্ঠান। শিৱৰাত্ৰিৰ পবিত্ৰ দিনটোতে বাঘৰ গাঁৱৰ এক ৰাজহুৱা স্থানত মাজুলীৰ প্ৰায় ৩৯ যোৰা দৰা-কইনাৰ একেলগে সম্পন্ন হ'ল বিবাহ কাৰ্য ৷ অগ্নিক সাক্ষী কৰি ন দৰা-কইনাই একেলগে জীৱন যুঁজত অৱতীর্ণ হোৱাৰ সংকল্প লয়।

শিৱৰাত্ৰিৰ পৱিত্ৰ দিনটোতে মাজুলীত হৰ-গৌৰীৰ মিলন

অঞ্চলটোৰ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ যুৱক-যুৱতী সকলৰ বাবে স্থানীয় ৰাইজে ব্যৱস্থা কৰে এই সমূহীয়া বিবাহ অনুষ্ঠানৰ। এই ৰাজহুৱা বিবাহ অনুষ্ঠানকলৈ ব্যস্ত হৈ পৰে অঞ্চলটোৰ লোকসকল ৷ অসমীয়া পৰম্পৰাগত পানী তুলি, হোম যজ্ঞ আৰু নাম ধৰ্মেৰে অনুষ্ঠিত হোৱা বিবাহ অনুষ্ঠানে অঞ্চলটোত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ সকলোৰে আশা নৱবিবাহিত দৰা-কইনাই শান্তিৰে পাৰ কৰক নিজৰ বৈবাহিক জীৱন।

আনহাতে, বিবাহ সম্পন্ন কৰিব নোৱাৰা যিকোনো আৰ্থিকভাৱে পিছপৰা ব্যক্তিৰ সহায়ৰ বাবে গাঁওখনে ২০১৮ চনৰে পৰে এনে ধৰনৰ পদক্ষেপ গ্ৰহন কৰি মাজুলীত আৰ্দশ গাঁও হিচাপে পৰিচয় দিছে । সেয়েহে চৰকাৰী কতৃপক্ষলৈ স্থানীয় লোকে আবেদন জনাইছে যাতে এটা বিবাহ মণ্ডপ স্থাপন কৰি দুখীয়া লোক সকলক সহায় কৰে ৷

লগতে পঢ়ক:সৱৰমতী আশ্ৰমত ‘আজাদী কা অমৃত মহোৎসৱ’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

Last Updated : Mar 12, 2021, 1:08 PM IST

ABOUT THE AUTHOR

...view details