গুৱাহাটী অভিমুখে শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ - Sankardev Kalakhetra
শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ উদ্বোধনী কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে আজি গুৱাহাটীলৈ ৰাওনা শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননিগোপাল দেৱ গোস্বামী। কালিলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বস্ত্ৰ ভাগীৰ বয়নৰ উদ্বোধনী কৰিব অসমৰ স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই

মাজুলী,৩ জুলাই : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ প্ৰতিবিম্ব সদৃশ অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰৰ প্ৰথম খণ্ডৰ বয়নৰ উদ্বোধনী কাৰ্যসূচীত অংশ গ্ৰহণৰ আজি বাবে গুৱাহাটীলৈ ৰাওনা হৈছে সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননিগোপাল দেৱ গোস্বামী । অহা কালিলৈ ৪ জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বস্ত্ৰৰ বয়নৰ উদ্বোধনী কৰিব অসমৰ স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই । প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে হ'ব লগা এই বিশাল প্ৰকল্পৰ ১২০ হাত দীঘল, ৬০ হাত বহল এই বস্ত্ৰত কৃষ্ণৰ জন্মৰ পৰা কংস বধলৈকে সামৰি লৈছে । প্ৰথম খণ্ড মূলত অসমৰ শিপিনীয়ে মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰতেই বৈ উলিয়াব । অনুকৃতিমূলক এই বৃন্দাবনী বস্ত্ৰ মুঠতে চাৰিটা খণ্ডত প্ৰস্তুত কৰা হব । অহা ৭ জুলাইত মাজুলীত আনুষ্ঠানিক ভাৱে এই বস্ত্ৰৰ বয়ন কাৰ্যসূচী মুকলি কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।