অসম

assam

ETV Bharat / state

বিলাসী জাহাজ প্ৰদানৰ নামত মাজুলীবাসীক প্ৰৱঞ্চনা চৰকাৰৰ - অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মাজুলীবাসীৰ প্ৰধান সমস্যা হৈছে যোগাযোগৰ সমস্যা । বছৰ বছৰ ধৰি ফেৰী সেৱাৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে মাজুলীবাসীয়ে । মাজুলীবাসীৰ এই সমস্যাক অস্ত্ৰ হিচাপে লৈ ৰাজনীতি কৰি আহিছে অসমৰ ৰাজনৈতিক দলসমূহে । ৰাইজক ভুৱা প্ৰতিশ্ৰুতিৰে প্ৰৱঞ্চনাও কৰি আহিছে দলসমূহে । এইবাৰ বিজেপি চৰকাৰৰ তেনে ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে সৰৱ হ'ল মাজুলীবাসী ।

Majuli
বিলাসী জাহাজ প্ৰদানৰ নামত মাজুলীবাসীক প্ৰৱঞ্চনা চৰকাৰৰ

By

Published : Sep 5, 2021, 4:18 PM IST

মাজুলী, ৫ ছেপ্তেম্বৰ :মাজুলী আৰু যোৰহাটৰ মাজত যোগাযোগৰ অন্যতম আৰু একমাত্ৰ সম্বল হৈছে ফেৰী সেৱা (Ferry service) । ফেৰী কেইখনৰ ওপৰত ভৰষা কৰিয়েই নিতৌ অহা যোৱা কৰে হাজাৰ হাজাৰ মাজুলীৰ জনতাই । প্ৰতিখন চৰকাৰে মাজুলীবাসীৰ যোগাযোগৰ সুবিধাৰ্থে বিভিন্ন ধৰণৰ ঘোষণা কৰিলে ।

বিলাসী জাহাজ প্ৰদানৰ নামত মাজুলীবাসীক প্ৰৱঞ্চনা চৰকাৰৰ

কিন্তু আজিলৈ তাৰ একোৱে কাৰ্যক্ষেত্ৰত দেখিবলৈ পোৱা নগ'ল । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Sarbananda Sonowal) কাৰ্যকালত মাজুলীবাসীৰ যাতায়াতৰ সুবিধাৰ্থে এখন অত্যাধুনিক ৰ'পেক্স জাহাজ (Ropax Ship) আৰু এখন ৰ'ৰ' জাহাজ (RORO ship) প্ৰদান কৰা হৈছিল । কিন্তু দুৰ্ভাগ্যৱশত এই দুখনকৈ বিলাসী জাহাজৰ সুবিধা লাভ নকৰিলে মাজুলীবাসীয়ে । ইয়াৰ এখন কেইদিনমান চলিছিল যদিও পুনৰ চলাচল বন্ধ হৈ পৰিল ।

দুয়োখন জাহাজ বন্ধ ৰখাকলৈ এতিয়া সৰৱ হৈছে মাজুলীৰ বিভিন্ন দল-সংগঠন । অতি সোনকালে জাহাজ দুখনৰ চলাচল আৰম্ভ কৰিবলৈ অসম চৰকাৰ আৰু জল পৰিবহণ বিভাগক আহ্বান জনাইছে মাজুলীবাসীয়ে । নদীত পানী বাঢ়িলেও বা শুকালেও যাতে জাহাজ দুখনৰ চলাচল অব্যাহত থাকে তাৰ ব্যৱস্থা কৰিবলৈ আহ্বান সংগঠনসমূহৰ ।

ইফালে মাজুলী জিলা উপায়ুক্তক বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাই । সংগঠনসমূহৰ মতে মাজুলীবাসীক জাহাজ দুখন দিয়াৰ নামত প্ৰৱঞ্চনা কৰা হৈছে । যাৰ বাবে বছৰ বছৰ ধৰি ফেৰী সেৱাৰে মাজুলীবাসীয়ে যাতায়ত কৰিবলগীয়া হৈছে । অতি শীঘ্ৰে মাজুলীবাসীৰ এই সমস্যা সমাধান নকৰিলে চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰাৰো হুংকাৰ দিয়ে মাজুলীৰ দল-সংগঠনসমূহে ।

লগতে পঢ়ক:যান-বাহন আইন উলংঘা : গুৱাহাটীত 5 মাহত অভিলেখ 5.79 কোটি টকাৰ জৰিমনা

ABOUT THE AUTHOR

...view details