অসম

assam

ETV Bharat / state

Raasleela performed in Majuli: ৰাসলীলা প্ৰদৰ্শনেৰে অন্ত পৰিল শ্ৰীমন্ত কৃষ্টি সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ - Krishti Sangha celebrates Golden Jubilee year

সামৰণি পৰিল মাজুলীৰ ৰতনপুৰ লাহন শ্ৰীমন্ত কৃষ্টি সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ(Srimanta Krishti Sangha celebrates Golden Jubilee year) । দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছিল শ্ৰীমন্ত কৃষ্টি সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ । সামৰণি অনুষ্ঠানত প্ৰদৰ্শন কৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা(Raasleela performed in Majuli) ।

Golden Jubilee year ended with performance of Raaslila
ৰাসলীলা প্ৰদৰ্শনেৰে অন্ত পৰিল শ্ৰীমন্ত কৃষ্টি সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ

By

Published : Oct 31, 2022, 1:21 PM IST

মাজুলী,৩১ অক্টোবৰ:দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাজুলীৰ শ্ৰীমন্ত কৃষ্টি সংঘ ৰংগমঞ্চই উদযাপন কৰিছে সোণালী জয়ন্তী বৰ্ষ(Srimanta Krishti Sangha celebrates Golden Jubilee year) । ১৯৭২ চনতে উজনী মাজুলীৰ ৰতনপুৰ লাহনত কলা-সংস্কৃতি চৰ্চাৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছিল শ্ৰীমন্ত কৃষ্টি সংঘ নামৰ ৰংগমঞ্চ । শ্ৰীমন্ত কৃষ্টি সংঘ ৰংগমঞ্চই নানা দুৰ্যোগ পাৰ কৰি এই বৰ্ষত সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে(Golden jubilee of Srimanta Krishti Sangha) ।

এই দুদিনীয়া অনুষ্ঠানত প্ৰথম দিনাৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীকে আদি কৰি বিশিষ্ট ব্যক্তিয়ে । ৩০ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰ আড়ম্বৰপূৰ্ণভাৱে সামৰণি অনুষ্ঠানৰ আয়োজন কৰে আয়োজক সমিতিয়ে ৷ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰে সামৰণি পৰে সোণালী জয়ন্তী বৰ্ষৰ(Golden Jubilee year ended with performance of Raaslila) ।

আনহাতে, প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে দিনৰ ভাগত 'মাজুলী ৰাস মহোৎসৱৰ ইতিবৃত্ত আৰু ইয়াৰ পৰম্পৰা' শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয় । সঞ্চালনা কৰে শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে ৷ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামী মুখ্য আলোচক হিচাপে আলোচনাৰ গুৰি ধৰাৰ লগতে আলোচক হিচাপে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়া, অৱসৰ প্ৰাপ্ত অধ্যক্ষ ঘনকান্ত নাথ, ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ নৱ কুমাৰ গাম উপস্থিত থাকে ৷

ৰাসলীলা প্ৰদৰ্শনেৰে অন্ত পৰিল শ্ৰীমন্ত কৃষ্টি সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে ৰাসৰ আৰম্ভণি সম্পৰ্কত ভাষণ আগবঢ়াই । ৩০ অক্টোবৰত পুৱা তথা ৬ বজাত পৰিৱেশ পৰিস্কাৰেৰে দিনযোৰা কাৰ্যসূচীৰ শুভাৰম্ভ হয় । দ্বিতীয় দিনা পুৱা বন্তি প্ৰজ্বলনৰ পিছত বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয় ৷ এই শোভাযাত্ৰাৰ উদ্বোধন কৰে শ্ৰীমন্ত কৃষ্টি কেন্দ্ৰৰ উপদেষ্টা লীলাৰাম লাহনে ৷ নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাস লীলা অনুষ্ঠিত হয়(Raasleela performed in Majuli) । আৰু এই ৰাসলীলা প্ৰদৰ্শনেৰে সমাপ্তি ঘটে শ্ৰীমন্ত কৃষ্টি সংঘ ৰংগমঞ্চৰ সোণালী জয়ন্তী বৰ্ষৰ ।

লগতে পঢ়ক:Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ABOUT THE AUTHOR

...view details