মাজুলী,২৫ ফ্ৰেব্ৰুৱাৰী:প্ৰৱঞ্চনাৰ জাল মেলি যেন বহি আছে একাংশ ঠগ প্ৰৱঞ্চক । আপোনাৰ ATM, আধাৰ কাৰ্ড, পেন কাৰ্ড - একো তথ্যই যেন এতিয়া সুৰক্ষিত নহয় । বিভিন্ন সময়ত ATM ব্যৱহাৰ কৰি প্ৰৱঞ্চকে বহুলোকক সৰ্বস্বান্ত কৰাৰ খবৰে প্ৰায়ে দখল কৰি আহিছে সংবাদ শিৰোনাম । এনেবোৰ ঘটনাৰ পিছত হয়তো এটাই প্ৰশ্নই আপোনাক মনলৈ আহিব ৷ সেয়া হৈছে - কিমান সুৰক্ষিত আপোনাৰ ATM, আধাৰ কাৰ্ড অথবা পান কাৰ্ডখন ?
পুনৰ এবাৰ এনে এক ঘটনাই পোহৰলৈ আহিছে, যি পঢ়িলে আপোনাৰো চকু কঁপালত উঠিব । আপোনাৰ লগত থকা পান কাৰ্ডখনখন কোনো ঠগ প্ৰৱঞ্চকে ব্যৱহাৰ কৰি আপোনাৰ অজ্ঞতে সংঘটিত কৰিব পাৰে আপোনাক বিপদত পেলাব পৰা বিভিন্ন ধৰণৰ অনৈতিক কাম । কৰিব পাৰে আপোনাক সৰ্বস্বান্ত । মাজুলীত সংঘটিত হৈছে তেনে এক ঘটনা । মাজুলীৰ এজন যুৱকৰ লগত সংঘটিত হৈছে এক নোহোৱা নোপোজা ঘটনা ।
মাজুলীৰ এজন যুৱকৰ পান কাৰ্ড ব্যৱহাৰ কৰি নিজৰ মুনাফা উঠালে বিহাৰৰ এজন ব্যক্তিয়ে(Majuli youth cheated) । বনগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বনগাওঁ চাৰিআলিৰ যুৱ ব্যৱসায়ী পাপু দাস নামৰ যুৱকজনৰ অজ্ঞাতে সংঘটিত হৈছে এই ঘটনা । পাপু দাস নামৰ যুৱকজনৰ পান কাৰ্ডখন ব্যৱহাৰ কৰি বিহাৰৰ এজন ব্যক্তিয়ে বেংকৰ পৰা লোন লৈ ক্ৰয় কৰিলে ট্ৰেক্টৰ । মাজুলীৰ বনগাঁও চাৰিআলিৰ যুৱ ব্যৱসায়ী পাপু দাসে নিজৰ পান কাৰ্ডখন লৈ বেংকলৈ গৈছিল লোন বিচাৰি ।