মাজুলী, ৫ ফেব্ৰুৱাৰী:মাজুলী জিলাৰ অভয়পুৰীয়াস্থিত শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰৰ ২৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে (278th Foundation Day of Sri Sri Alengi Narasimha Satra)। এই শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দুদিনীয়াকৈ শ্ৰীকৃষ্ণৰ মুকলি ৰাস প্ৰদৰ্শন হৈছে । এই উপলক্ষে আয়োজিত সভাত পদ্মশ্ৰী সন্মান প্ৰাপক বিশিষ্ট মুখা শিল্পী ড৹ হেমচন্দ্ৰ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Padmashree Hemchandra Goswami) ।
সত্ৰীয়া সংস্কৃতিৰ পৃষ্ঠভূমি নদীদ্বীপ মাজুলীৰ উত্তৰ-পূব কোণত আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহৰ পৃষ্ঠপোষকতাত আঢ়ৈশৰো অধিক বছৰৰ পূৰ্বে ধৰ্ম-সংস্কৃতিৰ ভেটি দৃঢ় কৰাৰ উদ্দেশ্যেৰে প্ৰতিষ্ঠিত হৈছিল শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰ (Swargadeo Pramatta Singha)। এই শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰখনে শিষ্য-প্ৰশিষ্যসকলৰ চেষ্ঠা অৰিহণাৰে পৰিপুষ্ট হৈ নিজস্ব গৰিমা অটুত ৰাখিবলৈ সক্ষম হৈছে । শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰৰ শিষ্য়ৰ লগতে ৰাইজৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে ২৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে ।
এই উপলক্ষে শনিবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে পুৱাৰ ভাগত গছপুলি ৰোপণৰ পিচতেই পতাকা উত্তোলন কৰা হয় । কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে এই পতাকা উত্তোলনত অংশগ্ৰহণ কৰে । ইয়াৰ সৈতে সংগতি ৰাখি মুকলি সভাৰো আয়োজন কৰা হয় । এই মুকলি সভাত কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে ভাষণ প্ৰদান কৰে । তেওঁলোকে সত্ৰখনৰ উন্নয়নৰ বাবে সকলোকে কাম কৰি যাবলৈ আহ্বান জনায় । তদুপৰি এই উপলক্ষে আন কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি উদ্য়োক্তাসকলে সদৰী কৰিছে ।