মাজুলী, 26মে': বুধবাৰে সন্ধিয়া মাজুলীত উপস্থিত হ'ল মাজুলীৰ বিধায়ক তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচত প্ৰথমবাৰৰ বাবে গৃহ সমষ্টিত উপস্থিত হোৱাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে সমষ্টিবাসী ৷
গৃহ সমষ্টি মাজুলীত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - নিমাতি ঘাটৰ
2021 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাচত প্ৰথমবাৰৰ বাবে গৃহ সমষ্টি মাজুলীত উপস্থিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ নিমাতি ঘাটৰ পৰা মাজুলীলৈ ফেৰীৰে আহি অফলামুখ ঘাটত উপস্থিত হোৱাত মাজুলীবাসীয়ে আদৰণি জনায় বিধায়ক গৰাকীক ৷
![গৃহ সমষ্টি মাজুলীত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল former chief minister sarbananda sonowal arrives in home constituency majuli](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11910979-thumbnail-3x2-majuli.jpg)
গৃহ সমষ্টি মাজুলীত উপস্থিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল
গৃহ সমষ্টি মাজুলীত উপস্থিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল
নিমাতি ঘাটৰ পৰা মাজুলীলৈ ফেৰীৰে আহি অফলামুখ ঘাটত উপস্থিত হোৱাত মাজুলীবাসীয়ে আদৰণি জনায় বিধায়ক গৰাকীক ৷ বৃহস্পতিবাৰে নিজ সমষ্টিৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷
লগতে পঢ়ক:10 খনকৈ যাত্ৰীবাহী ৰে’ল বাতিলৰ সিদ্ধান্ত উত্তৰ পূৱ-ৰে’লৱেৰ