অসম

assam

ETV Bharat / state

Internal conflict in BJP: কোন বিজেপি নেতাক কুপুত্ৰৰ সৈতে তুলনা কৰিলে জ্যেষ্ঠ নেতা অশোক শৰ্মাই ? - internal conflict in BJP

ৰাজনীতিৰ পৰা এপলক আঁতৰি ঈশ্বৰৰ আশীৰ্বাদ লোৱাত ব্যস্ত প্ৰাক্তন বিধায়ক অশোক শৰ্মা । পুৱাই মাজুলীৰ সত্ৰত সেৱা ল'লে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ।

Ex MLA Ashok Sarma
বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা

By

Published : Aug 20, 2023, 12:47 PM IST

বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা

মাজুলী, ২০ আগষ্ট :শনিবাৰে দলীয় কামত মাজুলীত উপস্থিত হোৱা নলবাৰী সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই দেওবাৰে পুৱাই মাজুলীৰ সত্ৰত সেৱা জনায় । সত্ৰত সেৱা আগবঢ়াই বিজেপিৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে কয় যে, অসমীয়া জনজীৱনৰ প্ৰধান অংগ মহাপুৰুষ দুজনাই সৃষ্টি কৰি যোৱা সত্ৰ সমূহৰ যি ঐতিহ্য সেই ঐতিহ্য বহন কৰি থকা গড়মূৰ সত্ৰত আহি সেৱা লৈ এইটোৱেই কামনা কৰিছো যাতে অসমৰ বৰ্তমানৰ যি পৰিস্থিতি হৈছে সেয়া আৰু উন্নত হওক । নেদেখাজনে সকলোৰে প্ৰতি কৃপা দৃষ্টি ৰাখক ।

প্ৰাক্তন বিধায়ক গৰাকীক ৰাজনীতিৰ কথা সোধাত তেওঁ কয় যে, মাজুলীৰ দৰে পবিত্ৰ স্থানত পুৱাই ৰাজনীতিৰ কথা পতাতো উচিত নহয় । তেওঁ এই প্ৰসংগৰ পৰিৱৰ্তে মহাপুৰুষ দুজনাই সৃষ্টি কৰি যোৱা সত্ৰ সমূহৰ পৰিৱেশৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰে ।

দলীয় কামত মাজুলীত উপস্থিত হোৱা বিধায়কগাৰাকীক সাংবাদিকসকলে বৰ্তমানৰ বিজেপিৰ দলীয় ৰাজনীতিৰ বিষয়ে বিভিন্ন প্ৰশ্ন কৰে যদিও তেওঁ ইয়াৰ উত্তৰ দিয়াৰ পৰা কৌশলৰে আঁতৰি থাকে । অৱশ্য়ে ৰাজনীতি সম্পৰ্কীয় মন্তব্য দিয়াৰ পৰা বিৰত থাকিলেও তেওঁ কয়, "অসমৰ ৰাজনৈতিক পৰিবেশ বর্তমান স্পৰ্শকাতৰ, গতিকে ৰাজনীতি সম্পৰ্কীয় তেনে ধৰণ মন্ত্যব নকৰো ।"

অৱশ্য়ে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সংবাদমেলত ৰাজেন গোহাঁইক লৈ কৰা মন্ত্যবৰ এফাঁকিত প্ৰত্যুত্তৰ দি অশোক শৰ্মাই কয়, "সকলো মাক-দেউতাকে ল'ৰা-ছোৱালীক ডাঙৰ দীঘল কৰে নিজৰ ভৱিষ্যত সুৰক্ষিত ৰাখিবৰ বাবে । এনেকুৱা কোনোবা সুপুত্ৰ আছে নেকি যিয়ে মাক দেউতাকৰ বৃদ্ধ অৱস্থা আহিল বুলিয়ে ঘৰৰ দায়িত্ব পৰা আঁতৰাই দিয়ে । কুপুত্ৰ থাকিব পাৰে, তেওঁ কৰিব পাৰে কিন্তু বহু ভাল পুত্ৰ আছে যিয়ে মাক দেউতাকক আগৰ ঠাইতে ৰাখে । গতিকে কোনোবাই কিবা ক'লে মই প্ৰত্যুত্তৰ দিব লগা নাই ।"

লগতে পঢ়ক:Attack on MLA vehicle: নিজকে নিৰ্দোষী বুলি বাৰে বাৰে ক’লে প্ৰশান্ত ফুকনৰ বাহনত আক্ৰমণ কৰা মদন শ্বাহে

ABOUT THE AUTHOR

...view details