অসম

assam

ETV Bharat / state

বেচামৰা হালধিবাৰী মথাউৰিলৈ নামিছে ভয়াৱহ সংকট

মাজুলীত বানে ধাৰণ কৰিছে জটিল ৰূপ ৷ ইখনৰ পাছত সিখন নৈপৰীয়া গাঁও এতিয়া বানৰ কৱলত ৷

By

Published : Jul 14, 2019, 2:07 PM IST

হালধিবাৰী মথাউৰিলৈ নামিছে ভয়াৱহ সংকট

মাজুলী, 14 জুলাই : মাজুলীত বানে লৈছে ক্ৰমাৎ জটিল ৰূপ । বানৰ কৱলত ইখনৰ পাছত সিখন নৈপৰীয়া গাঁও । মাজুলীৰ মূল ৰক্ষাকৱচ বেচামৰা হালধিবাৰী মথাউৰিলৈ নামি আহিছে ভয়াৱহ সংকট । যিকোনো সময়তে মথাউৰিটো ভাগি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । মথাউৰিটোৰ দক্ষিণপাট-কুমাৰগাঁও এলেকাত পানীৰ উঁহ প্ৰতিৰোধৰ বাবে শনিবাৰে উজাগৰী নিশা কটাই মাটিত বস্তা ভৰাই মথাউৰি ৰক্ষাৰ চেষ্টা স্থানীয় ৰাইজৰ ।

হালধিবাৰী মথাউৰিলৈ নামিছে ভয়াৱহ সংকট

সমান্তৰালভাৱে মাজুলী কঢ়াল গাঁৱৰ সন্মুখ ভাগৰ মথাউৰিটো ভয়াৱহ অৱস্থাত আছে । উঁহ দি থকাৰ বাবে ৰাইজে দিনে ৰাতিয়ে যি কোনো মূল্যৰ বিনিময়ত মথাউৰি ৰক্ষা কৰাত উঠিপৰি লাগিছে । খৰালী মথাউৰিটো মেৰামতিৰ ক্ষেত্ৰত জলসম্পদ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ৰাইজে অতি কষ্টেৰে মথাউৰি ৰখাৰ সংগ্ৰাম কৰিবলগীয়া হৈছে । ইপিনে মাজুলীৰ এই ৰক্ষাকৱচটো ছিগিলে মাজুলীৰ অন্তঃভাগত মহাপ্ৰলয় হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

ABOUT THE AUTHOR

...view details