মাজুলী,27মেঃ নামনি মাজুলীৰ চিলাকলা গাঁও পঞ্চায়তৰ অন্তৰ্গত অৰ্জুন গুৰিত জলসিঞ্চন বিভাগে নিৰ্মান কৰা ১ কোটি ৫৫ লাখ টকীয়া শ্লুইছ গেটখন উটুৱাই লৈ যায় । সোৱনশিৰিৰ বাঢ়নী পানীয়ে ভাঙি উটুৱাই নিয়া গেট খন আছিল অতি নিম্ন মানৰ । অৰ্জুন গুৰি চিলাকলা কৃষি বান্ধ দি এই গেট খন কৃষক ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰিছিল জনৈক কুটুম নামৰ এজন ঠিকাদাৰে।
সোৱনশিৰি বানে উটুৱাই নিলে শ্লুইছ গেট - irrigation department
মাজুলীৰ সোৱনশিৰি বানে শ্লুইছ গেট উটুৱাই নিয়াৰ ফলত বিস্তৰ ক্ষতিসাধন কৰিছে কৃষক ৰাইজক ৷ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৃষক ৰাইজৰ ৷
কিন্তু অতি নিম্নমানৰ কাম কৰাৰ লগতে ১০ লাখ টকাৰ শৈল স্পাৰ নিৰ্মান কৰিব লাগিছিল যদিও নকৰিলে । যাৰ ফলত কৃষি বান্ধ টোৰ এটা অংশ খহাই লৈ যোৱাৰ লগে লগে গেট খনো উটোৱাই নিয়ে বাঢ়নি পানীয়ে । অঞ্চলটোৰ শ শ বিঘা " আহু "আৰু " বড়ো ধান" ৰ খেতি আজি নষ্ট হোৱাত অনাগত দিন বোৰত কৃষক ৰাইজৰ মাজত খাদ্য সমস্যাৰ সৃষ্টি হোৱাৰ শংকা দেখা গৈছে কৃষক সকলৰ মাজত । বৃহৎ শ্লুইছ গেটখন অপৰিকল্পিত আৰু অ বিজ্ঞানসন্মত ভাৱে নিৰ্মান কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । সমান্তৰালভাৱে ২৫ খন গাৱৰ ৪ হাজাৰ কৃষক ক্ষতিৰ সন্মুখীন হৈছে এই পানীৰ ফলত যাৰ বাবে বিভাগৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে স্থানীয় ৰাইজে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে যদিও ক্ষোভিত ৰাইজক শান্ত কৰাৱ পৰা নাই ৷
লগতে পঢ়কঃ শিৱসাগৰত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ