অসম

assam

ETV Bharat / state

Flashback of 2022: ২০২২ ত কি পালে মাজুলীবাসীয়ে ? - Majuli Jorhat link bridge resumes

পুৰণিক বিদায় দি নতুন বছৰটোক আদৰিছে সকলোৱে । বছৰটোক বিদায় দি সকলোৱে কৰিছে পোৱা নোপোৱাৰ হিচাপ । ২০২২ত কি পালে মাজুলীয়ে, কি হেৰুৱালে তাক লৈ আমাৰ এই প্ৰতিবেদন(Flashback of Majuli 2022) ?

Flashback of Majuli 2022
২০২২ত কি পালে মাজুলীয়ে কি হেৰুৱালে

By

Published : Jan 1, 2023, 5:06 PM IST

২০২২ত কি পালে মাজুলীয়ে কি হেৰুৱালে

মাজুলী,১ জানুৱাৰী:পুৰণিক বিদায় দি নতুনক আদৰাতো এটা নিয়ম । ২০২২ ক বিদায় জনাই নতুনক আদৰাত ব্যস্ত সকলো । সকলোৱে উৎসাহেৰে আদৰিছে এই নতুন বছৰটিক । এটা বছৰে দিয়ে বহুখিনি আৰু লৈ যায় বহুখিনি । এখন জিলা বা কোনো এক স্থানত উন্নয়ণৰ পৰিমাণো নিৰ্ধাৰণ হয় এটা বছৰত । ২০২২ ক বিদায় জনোৱা মূহুৰ্তত মাজুলীবাসীয়েও কৰিলে পোৱা আৰু হেৰুওৱাৰ হিচাপ(Flashback of Majuli 2022) ।

২০২২ বছৰটো মাজুলীবাসীৰ বাবে বিশেষ ভাবে গুৰুত্বপূৰ্ণ । ২০২২ বৰ্ষত মাজুলীত অনুষ্ঠিত হ'ল উপ-নিৰ্বাচন(By-election held in Majuli in 2022) । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলী সমষ্টিৰ বিধায়ক পদ এৰাৰ লগে লগেই মাজুলীত উপ-নিৰ্বাচন হোৱাটো নিশ্চিত হৈ পৰিল । এই উপ-নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী ভুৱন গাম আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰীৰ মাজত মূল যুজঁখন অনুষ্ঠিত হয় আৰু বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে বিপুল ভোটত জয় লাভ কৰে । যদিও বিজেপি দলৰ প্ৰাৰ্থী জয়ী হল এই উপ-নিৰ্বাচনত তথাপি দেখা গল আগে নেদেখা এখন ছবি, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰীৰ হৈ একেখন মঞ্চত বহি উপ-নিৰ্বাচনৰ প্ৰচাৰ চলালে লুৰিণ জ্যোতি গগৈ, অখিল গগৈ আৰু ভুপেন বৰাই ।

আনহাতে, খুঁটাৰ বিসংগতিৰ বাবে প্ৰায় পাঁচ মাহ ধৰি বন্ধ থকা মাজুলী-যোৰহাট সংযোগী দলঙৰ পুনৰ আৰম্ভ হোৱাটো মাজুলীবাসী জনগনৰ বাবে এটা ভাল খবৰ(Majuli-Jorhat link bridge resumes) । কিয়নো মাজুলীবাসীৰ সপোন এই যোৰহাট মাজুলী সংযোগী দলং । ২০২২ বছৰৰ ৫ অক্টোবৰ তাৰিখটো মাজুলীৰ লগতে সমগ্ৰ অসম বাসীৰ বাবে এটা বেয়া দিন কিয়নো মাজুলীৰ চিকিৎসা ব্যৱস্থাৰ পয়ালগা অৱস্থাৰ বাবে আমাৰ মাজৰ পৰা হেৰাই গ'ল মাজুলীৰ কণমানি কন্ঠশিল্পী তেজস্বিতা বৰুৱা । তেজস্বিতাৰ মৃত্যুৱে উদঙাই থৈ গল মাজুলীৰ চিকিৎসা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটো ।

যোৰহাট মাজুলী দলঙৰ খুটাৰ কাম চলি থকাৰ সময়তে নামনি মাজুলীৰ উত্তৰ দিশৰ লগত যোগাযোগ ব্যৱস্থা সুচল কৰাৰ উদ্দেশ্যৰে চেলেক ঘাট আৰু ধুনাগুৰি ঘাটত দুখনকৈ দলং নিৰ্মানৰ বাবে ১১ ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Himanta Biswa Sarmah) ভূমি পূজন কৰে যিটো মাজুলীবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন । মাজুলীৰ ৰঙা বাও চাউল বিদেশলৈ ৰপ্তানি হোৱাটো মাজুলীৰ বাবে এটা ভাল খবৰ । আহি থকা বছৰটোত মাজুলীৰ আৰু কি কি পৰিৱৰ্তন হয় সেয়া লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক:New year celebration: নৱবৰ্ষৰ প্ৰথম দিনটোত লোকাৰণ্য ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ

ABOUT THE AUTHOR

...view details