মাজুলী, 16 মাৰ্চ:বিতৰ্কত সোমাই পৰিছে দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী ৷ সত্ৰাধিকাৰগৰাকীৰ বিৰুদ্ধে ফুলনি আৰক্ষী চকীত দাখিল কৰা হৈছে এক গোচৰ ৷ 124 জনৰ স্বাক্ষৰ সম্বলিত এজাহাৰ দাখিল সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে ৷ এজন ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি সত্ৰাধিকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে একাংশ লোক ৷ বিদ্যালয়ৰ ছাত্ৰক ঘৰুৱা কামত নিয়োগ কৰাৰো অভিযোগ উঠিছে সত্ৰাধিকাৰগৰাকীৰ বিৰুদ্ধে ৷ ধনৰ লোভ দেখুওৱা আৰু ছাত্ৰক বিদ্যালয়ৰ পৰা লৈ আনিলে পৰিয়ালক ধন বিচৰাৰ অভিযোগ তুলিছে এজাহাৰকাৰীয়ে (FIR against satradhikar Janardan Dev Goswami) ৷
বুধবাৰে দক্ষিণপাট আশ্ৰমী সত্ৰৰ ৰমানন্দ দেৱ বেদ পাঠশালাৰ নিৰ্মীয়মান পকী বেৰ খহি এজন ছাত্ৰৰ মৃত্যু হৈছিল । মৃত ছাত্ৰজন নৱম শ্ৰেণীৰ বিকাশ ছেত্ৰী আৰু ছাত্র জনৰ বয়স ১৪ বছৰ । মাজুলীৰ ফুলনিৰ দিলবাহাদুৰ চেত্ৰী আৰু ৰেণুকা ছেত্ৰীৰ পুত্ৰ আছিল বিকাশ নামৰ ছাত্ৰজন । পুত্ৰৰ আকস্মিক মৃত্যুত শোকত ভাগি পৰিছে তেওঁৰ পিতৃ-মাতৃৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ (Student died after wall collapse)।
লগতে পঢ়ক:HSLC question paper leak : ১০০ টকাতো বিক্ৰী হৈছিল প্ৰশ্নকাকত !