অসম

assam

ETV Bharat / state

Raas mahotsav 2022: শ্ৰীকৃষ্ণৰ প্ৰেমত বুৰ গৈছে মাজুলী

কাইলৈ ৰাস পূৰ্ণিমা ৷ শ্ৰীকৃষ্ণৰ প্ৰেমত বুৰ গৈছে সমগ্ৰ ৰাজ্য ৷ ৰাস মহোৎসৱৰ বাবে শেষ আখৰাত ব্যস্ত মাজুলীৰ ৰাইজ (Majuli Raas 2022) ৷ পূৰ্ণ গতিত চলিছে ৰাসৰ প্ৰস্তুতি ৷

By

Published : Nov 6, 2022, 4:59 PM IST

Raas mahotsav 2022
শ্ৰীকৃষ্ণৰ প্ৰেমত বুৰ গৈছে মাজুলী

মাজুলী, 6 নৱেম্বৰ :কাইলৈৰ পৰা মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ (Majuli Raas 2022) । ৰাস বুলিলেই পোনতে মনলৈ আহে সত্ৰ নগৰী মাজুলীৰ ছবিখন । মাজুলীৰ লগত ৰাসৰ আছে এক এৰাব নোৱৰা সম্পৰ্ক । এই ৰাস মহোৎসৱৰ সময়ত মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনলৈ । কৃষ্ণ লীলাৰ বন্দনাত মুখৰিত হয় সত্ৰনগৰী মাজুলীৰ আকাশ বতাহ (Final Raas preparation in Majuli)।

শ্ৰীকৃষ্ণৰ প্ৰেমত বুৰ গৈছে মাজুলী

মাজুলীৰ প্ৰায় 14 খন সত্ৰ আৰু প্ৰায় অৰ্দ্ধশতাধিক ৰংগমঞ্চত অনুষ্ঠিত হ’ব এই ৰাস মহোৎসৱ । বাৰিষাৰ বানে জুৰুলা কৰাৰ পাচত শৰৎ কালৰ এই মধুৰ সময়ত সকলো দুখ বেদনা একাষৰীয়া কৰি মাজুলীৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত হৈ পৰে এই ৰাস মহোৎসৱক লৈ । কৃষ্ণৰ বাঁহীৰ অমিয়া সুৰে মুখৰিত কৰি তুলিছে সত্ৰনগৰী মাজুলী (Raas preparation in Majuli) ।

কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে মাজুলীৰ আকাশ বতাহ । মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ হ’ল অজগৰ ৰূপী অঘাসুৰ । দাম, সুদামসহ গকুলৰ গোপ-বালকসকলক লৈ শ্ৰীকৃষ্ণই কেলি কৰা সময়ত এই প্ৰকাণ্ড অজগৰে গোপ বালকসকলক গিলাৰ দৃশ্যই আকৰ্ষণ কৰে দৰ্শকক ৷

শ্ৰীকৃষ্ণক গিলিবলৈ লওতেই ভগৱান কৃষ্ণই বধ কৰে অজগৰৰূপী অঘাসুৰক ৷ এতিয়া মাজুলীত এই অঘাসুৰৰেই অতপালি ৷ আখৰাত ব্যস্ত অঘাসুৰ ৷ ইফালে মুখাশিল্পীসকল ব্যস্ত মুখাত শেষ পৰশ দিয়াত ৷ ম‍াজুলী নতুন চামগুৰি সত্ৰৰ মুখাশিল্পীসকলেও এতিয়া মুখাত শেষ পৰশ দিয়াত ব্যস্ত ।

আনহাতে, এইবাৰ মাজুলীৰ আঞ্চলিক জনতা কৃষ্টি সংঘৰ ৰাসত কে কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মাই কৰিব অভিনয় । হাঁহি নহয়, এইবাৰ চকুত চকুলো লৈ আহি আছে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা । বাসুদেৱৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা সিদ্ধাৰ্থ শৰ্মাই । তাৰ বাবে মাজুলীত আখৰাত ব্যস্ত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ কে কে ।

অন্যহাতে, নামনি মাজুলীৰ গুৱালগাঁৱত দুটা দিনত ক্ৰমে দৈৱকী আৰু যশোদাৰ ভাওত অভিনয় কৰিব অসমৰ মোহময়ী অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱে । বিশ্ববাসীৰ আগত মাজুলীক দুনাই চিনাকী কৰি দিয়াৰ কোনো প্ৰয়োজন নাই ৷ মাজুলীৰ আছে নিজস্ব স্বকীয়তা, নিজস্ব বৈশিষ্ট ৷ সেয়ে সকলোৱে মাজুলীলৈ আহি মাজুলীক উপভোগ কৰাৰ উপৰিও মাজুলীখনক মৰমৰ দৃষ্টিৰে চাবলৈ সকলোকে আহ্বান জনাইছে অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱে ৷

কাইলৈৰ পৰা হ’বলগীয়া ৰাসক লৈ সাজু হৈছে আভ্যন্তৰীণ জল পৰিবহন বিভাগো । যাত্ৰীৰ সুবিধাৰ্থে তিনিটাকৈ ৰেম্পৰ নিৰ্মাণ কৰা হৈছে অফলামুখ ঘাটত । লগতে নিৰ্মাণ কৰা হৈছে বেৰীকেট । ইয়াৰ উপৰিও থাকিব অনুসন্ধান কক্ষ । মাইকযোগে ঘোষণা কৰিব কোন ৰেম্পৰ পৰা কিমান সময়ত ফেৰী যাব নিমাতিলৈ ।

যাত্ৰীৰ অনুপাতে সঘনাই ফেৰী চলোৱাৰ পৰিকল্পনা হাতত লৈছে মাজুলীৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে (Majuli IWT) ৷ যাত্ৰীয়ে যাতে আভ্যন্তৰীণ জল পৰিবহন বিভাগক সহযোগ কৰে তাৰ প্ৰতি আহ্বান জনাইছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে । আনহাতে, এই ৰাস মহোৎসৱক লৈ কাইলৈ মাজুলীত স্থানীয় বন্ধৰো ঘোষণা কৰা হৈছে । এনেদৰেই এতিয়া সকলো মাজুলীয়ালৰ লগতে ব্যস্ত হৈ পৰিছে জিলা প্ৰশাসনো ৷

লগতে পঢ়ক :Raas mahotsav 2022 : ৰাস মহোৎসৱৰ আখৰাত ব্যস্ত মাজুলীয়াল

ABOUT THE AUTHOR

...view details