মাজুলী, 16 জুন :সংকটৰ গৰাহত মাজুলীৰ মাজুলীৰ মৃৎ শিল্প ৷ বিগত বৰ্ষৰপৰা ক’ভিড (Covid 19) ৰ বাবে লকডাউন বলৱৎ কৰাৰ সময়ৰ পৰা সংকটত পৰিছে মাজুলী জিলাৰ শালমাৰাৰ মৃৎ শিল্পীসকল ৷
মাজুলীৰ শালমৰা গাঁৱৰ প্ৰতিটো পৰিয়ালে মাটিৰ অভাৱ তথা ক’ভিড (Covid 19)ৰ বাবে আৰ্থিক সংকটত ভুগিব লগা হৈছে ৷ বিক্ৰি কৰিব পৰা নাই নিৰ্মাণ কৰি থৈ দিয়া সামগ্ৰীসমূহ ৷ সংগ্ৰহ কৰিব পৰা নাই মাটি যাৰ ফলত উপায়হীন হৈ চৰকাৰৰ ওচৰত আৰ্থিক সাহাৰ্যৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে মাটি সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰি দিয়াৰ আহ্বান জনাইছে শালমৰাৰ মৃৎ শিল্পৰ লগত জড়িত ৰাইজে ৷
সাধাৰণতে কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকল এই শিল্পৰ সৈতে জড়িত । মাটিৰ পাত্ৰ এটাৰ গঢ় দিয়া প্ৰক্ৰিয়াৰ বিভিন্ন স্তৰত মৃৎ শিল্পী পৰিয়াল এটাৰ ল'ৰাৰ পৰা ডেকালৈকে সকলোৰে পৰিশ্ৰম নিহিত থাকে । মাজুলীৰ মৃৎ শিল্পীসকলে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এই টেকেলি সমূহ লৈ গৈ অসমৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰে ৷ কিন্তু বৰ্তমান ৰাস্তা-ঘাট উন্নত হোৱাৰ বাবে গাড়ীয়ে দি টেকেলি কলহ ব্যৱসায়ৰ বাবে বিভিন্ন ঠাইলৈ নিয়ে ।