অসম

assam

ETV Bharat / state

২৫ ছেপ্তেম্বৰত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী উঠিব কাঠগড়াত ! - হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

গীৰ্জা ভঙাৰ অপৰাধত অভিযুক্ত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীক 25 ছেপ্টেম্বৰত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশনা মাজুলী সত্ৰ ন্যায়াধীশ দণ্ডাধীশৰ আদালতৰ ৷ প্ৰশান্ত পায়েঙৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল ৷

২৫ ছেপ্তেম্বৰত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী উঠিব আদালতৰ কাঠ গড়াত

By

Published : Sep 24, 2019, 7:35 PM IST

মাজুলী, 24 ছেপ্টেম্বৰঃ মাজুলীত খ্ৰীষ্টান আগ্ৰাসনক লৈ অব্যাহত আছে উত্তেজনা ৷ 25 ছেপ্টেম্বৰত সত্ৰাধিকাৰ উঠিব আদালতৰ কাঠগড়াত ৷ প্ৰশান্ত পায়েং নামৰ এগৰাকী মিচিং জনজাতিৰ লোকে মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰমি সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে গীৰ্জা ভঙাৰ অপৰাধত গোচৰ ৰুজু কৰিছিল ৷ তাৰ পাচতেই মাজুলী সত্ৰ ন্যায়াধীশ দণ্ডাধীশৰ আদালতে সত্ৰাধিকাৰ গৰাকীক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশনা জাৰি কৰিছিল যদিও সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে আদালতত হাজিৰ হোৱা নাছিল ৷ কিন্তু মাজুলী সত্ৰ ন্যায়াধীশ দণ্ডাধীশৰ আদালতে অহা 25 ছেপ্টেম্বৰত সত্ৰাধিকাৰ গৰাকীক আদালতত হাজিৰ হ'বলৈ পুনৰ নিৰ্দেশনা প্ৰদান কৰিছে ৷

ধৰ্মক লৈ অশান্ত মাজুলী !

ইফালে মাজুলীৰ গড়মূৰত হিন্দু যুৱ ছাত্ৰ পৰিষদে খ্ৰীষ্টান আগ্ৰাসন আৰু সত্ৰাধিকাৰৰ বিৰুদ্ধে তৰা গোচৰক লৈ মঙলবাৰে সংবাদ মেল সম্বোধন কৰে । সংবাদ মেলত সংগঠনটোৰ সভাপতি আৰু সম্পাদকে প্ৰশান্ত পায়েং নামৰ খ্ৰীষ্টান লোক গৰাকীয়ে তৰা গোচৰত উদ্বেগ প্ৰকাশ কৰি মাজুলীৰ বিধায়ক তথা মুখ্যমন্ত্ৰী গৰাকীক তীব্ৰ কটাক্ষ কৰে আৰু কয় যে, প্ৰশান্ত পায়েঙৰ বিৰুদ্ধে অসমৰ বিভিন্ন জিলাত সংগঠনটোৱে গোচৰ তৰিছে যদিও গৃহ বিভাগে এই পৰ্যন্ত তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক ৷

এনে পৰিস্থিতিত 25 ছেপ্টেম্বৰ তাৰিখে গীৰ্জা ভঙাৰ অপৰাধত অভিযুক্ত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে আদালতত হাজিৰ হ'ব নে নহয় সেয়াও নিশ্চিতভাৱে লক্ষণীয় হ'ব ৷

ABOUT THE AUTHOR

...view details