মাজুলী, 18 এপ্ৰিল:পুনৰ ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ হ’ল ফেৰী (Ferry to majuli stuck in middle of Brahmaputra) ৷ পদ্মা নামৰ যাত্রীবাহী ফেৰীখন নিমাতিৰ পৰা মাজুলী অভিমুখে গৈ আছিল ৷ বিয়লি 1.30 বজাত নিমাতি পৰা মাজুলী অভিমুখে গৈছিল এই ফেৰীখন । জানিব পৰা মতে, ব্ৰহ্মপুত্ৰৰ তীব্ৰ সোঁতৰ বাবে উজাই যাব পৰা নাই এই ফেৰীখন ৷ ফলত নদীৰ বুকুতে আৱদ্ধ হৈ আছে ফেৰীখন ৷
ফলত ফেৰীখন পুনৰ নিমাতিলৈ ঘূৰাই অনা ব্যৱস্থা কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে । আভ্যন্তৰীণ জল পৰিবহন বিভাগে জনোৱা মতে, প্ৰায় 120 জন যাত্ৰীৰে সৈতে বহুকেইখন বাইক আৱদ্ধ হৈ আছে ফেৰীখনত ৷ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ লোকে ফেৰীখন উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷