অসম

assam

ETV Bharat / state

আজিৰে পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

দেওবাৰৰ পৰা বন্ধ হৈ আছিল মাজুলী-নিমাতীৰ মাজত ফেৰী সেৱা ৷ অফলামুখ ঘাটৰ লগতে মাজুলীৰ বিভিন্ন ঘাটলৈ ফেৰী সেৱা পুনৰ মুকলি কৰি দিয়াত কিছু সকাহ পাইছে মাজুলীবাসীয়ে ৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে বিগত 3 দিন ধৰি বন্ধ হৈ আছিল ফেৰী সেৱা ।

আজিৰে পৰা পুনৰ আৰম্ভ মাজুলী নিমাতীৰ মাজত ফেৰী সেৱা
আজিৰে পৰা পুনৰ আৰম্ভ মাজুলী নিমাতীৰ মাজত ফেৰী সেৱা

By

Published : May 18, 2022, 8:48 AM IST

মাজুলী, 18 মে‘ :বুধবাৰৰ পৰা পুনৰ চলাচল কৰিব মাজুলী নিমাতীৰ মাজত ফেৰী(Majuli and Nimati ferry service resumes) । বুধবাৰৰ পুৱা 8 বজাত অফলামুখৰ পৰা নিমাতীলৈ চলাৰ প্ৰথমখন ফেৰী । ইয়াৰ লগতে অন্য ঘাটসমূহৰ ফেৰীসমূহো চলাচল আৰম্ভ হ’ব আজিৰে পৰা ।

উল্লেখ্য যে, দেওবাৰৰ পৰা বন্ধ হৈ আছিল মাজুলী নিমাতীৰ মাজৰ ফেৰী সেৱা(Ferry service suspended in Majuli) । ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি পোৱাত মাজুলী জিলা প্ৰশাসনে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিছিল মাজুলী নিমাতী সংযোগী ফেৰী সেৱা (Nimatighat ferry service suspended for indefinite time) ।

বিগত কেবাদিনো ধৰি ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে ফেনে-ফোটোকাৰে বৃদ্ধি পাইছিল ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । যাৰবাবে মাজুলী জিলা প্ৰশাসনে তৎকালীনভাৱে গ্ৰহণ কৰিছিল এই সিদ্ধান্ত । মঙলবাৰে ব্ৰহ্মপুত্ৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ বাবে প্ৰশাসনে পুনৰ বুধবাৰৰ পৰা ফেৰী সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক :অনিদিষ্ট কালৰ বাবে বন্ধ মাজুলী নিমাতী ফেৰী সেৱা

For All Latest Updates

ABOUT THE AUTHOR

...view details