অসম

assam

ETV Bharat / state

পানীৰ অভাৱত হাহাকাৰ অৱস্থা কৃষকৰ - মাজুলীত খৰাং

মাজুলীৰ বহু ঠাইত পানীৰ অভাৱত ৰুব পৰা নাই শালিধানৰ কঠিয়া । খেতি কৰি কোনো মতে ভাত মুঠি যোগাৰ কৰা খেতিয়কসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে ।

farmers problem
পানীৰ অভাৱত হাহাকাৰ অৱস্থা কৃষকৰ

By

Published : Aug 11, 2021, 7:46 PM IST

মাজুলী, ১১ আগষ্ট : পূৰ্বৰ বছৰতকৈ এইবাৰ অসমত বৰষুণৰ পৰিমাণ যথেষ্ট কম । যাৰ বাবে খেতিয়ক ৰাইজ সন্মুখীন হৈছে তীব্ৰ সংকটৰ । পানীৰ অভাৱত এতিয়া বতৰৰ খেতি সময়মতে কৰিব পৰা নাই খেতিয়কসকলে । বহু স্থানত খেতি পথাৰত চিৰাল ফাঁট মেলিছে । শাওনৰ মাহতো পথাৰত পানীৰ নাটনিৰ বাবে বহুতে আনকি কঠিয়াও ৰুব পৰা নাই । একপ্ৰকাৰ চৰম সংকটত ভূগিছে ৰাজ্যৰ খেতিয়কসকল ।

বহু স্থানত বৰষুণৰ বাবে পৰম্পৰাগতভাৱে ভেকুলীৰ বিয়াও পাতিছে ৰাইজে । কোনোৱে আকৌ বৰষুণৰ বাবে নাম প্ৰসংগ কৰাও দেখা গৈছে । বাকী জিলাসমূহৰ লগতে মাজুলীৰ বহু ঠাইতো দেখা গৈছে একেই ছবি । পানীৰ অভাৱত ৰুব পৰা নাই শালিধানৰ কঠিয়া । খেতি কৰি কোনো মতে ভাত মুঠি যোগাৰ কৰা খেতিয়কসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে ।

পানীৰ অভাৱত হাহাকাৰ অৱস্থা কৃষকৰ

একাংশ খেতিয়কৰ মতে এই সময়চোৱাত শস্যৰে খেতিপথাৰ নদন বদন হৈ থাকে । কিন্তু এইবাৰ বৰষুণৰ অভাৱত পথাৰবোৰত চিৰাল ফাঁট মেলিছে ।

ইফালে চৰকাৰে পথাৰত পানী যোগান ধৰিব নোৱাৰকলৈও সৰৱ হৈ পৰিছে একাংশ খেতিয়ক । আনকি মাজুলীৰ বহু স্থানত নাই জলসিঞ্চনৰ ব্যৱস্থা (Irrigation system) । প্ৰতিখন চৰকাৰে প্ৰতিশ্ৰুতি দি আহিছে যদিও খেতিয়ক ৰাইজৰ বাবে কোনেও যেন গুৰুত্ব আৰোপ কৰা নাই । যাৰ বাবে খেতিয়কসকলে কেৱল বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিয়ে খেতি কৰিবলগীয়া হৈছে ।

মুঠতে বৰষুণৰ অভাৱত এতিয়া দিশহাৰা হৈছে খেতিয়কসকল । যদি খেতি কৰিব নোৱাৰে তেনেহ'লে খেতিয়কসকলে বিগত বছৰত কি কৰিব সেই কথা ভাবিও এতিয়া চিন্তিত হৈ পৰিছে গাঁৱৰ চহা ৰাইজ ।

লগতে পঢ়ক:শিৱসাগৰত বিধায়ক অখিল গগৈৰ প্ৰতিকৃতি দাহ

ABOUT THE AUTHOR

...view details