মাজুলী, 27 ছেপ্তেম্বৰঃ উজনি মাজুলীৰ জেংৰাইমুখ থানৰ অন্তৰ্গত লাচন গাওঁত এক গোপন সূত্ৰৰ পম খেদি দেওবাৰে দিনৰ তিনি বজাত জেংৰাইমুখ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ইন্দ্ৰেশ্বৰী পেগু, ফুলনী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল দাস, আৰু নতুন বজাৰ আৰক্ষী চকীৰ সহযোগত এটা ভুৱা আধাৰ কাৰ্ড বনোৱা কেন্দ্ৰ উৎখাত কৰে ।
উজনি মাজুলীত ভুৱা আধাৰ কাৰ্ড বনোৱা কেন্দ্ৰ উৎখাত - গোগামূখৰ ত্ৰিশূল কামান দিলীপ
আৰক্ষীয়ে অভিযান চলোৱাৰ বিষয়ে জানিব পাৰি কেইজনমানে পলায়ন কৰে যদিও গোগামুখৰ ত্ৰিশূল কামান আৰু দিলীপ পাটিৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

উজনি মাজুলীত ভুৱা আধাৰ কাৰ্ড বনোৱা কেন্দ্ৰ উৎখাত
উজনি মাজুলীত ভুৱা আধাৰ কাৰ্ড বনোৱা কেন্দ্ৰ উৎখাত
আনহাতে আৰক্ষীয়ে অভিযান চলোৱাৰ বিষয়ে জানিব পাৰি কেইজনমানে পলায়ন কৰে যদিও গোগামূখৰ ত্ৰিশূল কামান আৰু দিলীপ পাটিৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । ইপিনে আৰক্ষীয়ে অভিযান চলাই কেন্দ্ৰটোৰ পৰা AS-07-G3806 নম্বৰৰ মাৰুটি 800 এখন, 1টা লেপটপ, 1টা বায়মেট্ৰিক স্কেনাৰ , 1টা প্ৰিন্টাৰ, 1 টা আইৰিছ আৰু এটা কেমেৰা উদ্ধাৰ কৰে । সম্প্ৰতি আৰক্ষীয়ে SEC 420/ 419/468/34 গোচৰ ৰোজু কৰি তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়কঃ কাকপথাৰত AJYCPৰ অৱস্থান ধৰ্মঘট