মাজুলী, 19 অক্টোবৰঃমাজুলীত উদ্ধাৰ প্ৰাক্তন আলফা সদস্যৰ মৃতদেহ ৷ মৃত আলফা সদস্যজনৰ নাম ৰাতুল বৰা ওৰফে পুতল ৷ কেইবাজনো ব্যৱসায়ী হত্যা কাণ্ডৰ লগত নাম সাঙোৰ খাই আছিল ৰাতুল বৰা ওৰফে পুতলৰ ৷ মাজুলী বালিচাপৰিত ঘৰ প্ৰাক্তন আলফা সদস্য জনৰ ৷ ঘৰৰ কাষৰ দুপতলী পথাৰতে উদ্ধাৰ হয় প্ৰাক্তন আলফা সদস্যগৰাকীৰ মৃতদেহ ৷
মাজুলীত প্ৰাক্তন আলফা সদস্যৰ মৃতদেহ উদ্ধাৰ - মাজুলী বালিচাপৰিত প্ৰাক্তন আলফা সদস্যৰ মৃত দেহ উদ্ধাৰ
মাজুলীত প্ৰাক্তন আলফা সদস্যৰ মৃতদেহ উদ্ধাৰ । মাজুলী বালিচাপৰিত ঘৰ প্ৰাক্তন আলফা জনৰ । ঘৰৰ কাষৰ দুপতলী পথাৰত উদ্ধাৰ হৈছে মৃতদেহ । আলফা সদস্য জনৰ নাম ৰাতুল বৰা ওৰফে পুতল ৷
![মাজুলীত প্ৰাক্তন আলফা সদস্যৰ মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4800224-thumbnail-3x2-m.jpg)
মাজুলীত প্ৰাক্তন আলফা সদস্যৰ মৃত দেহ উদ্ধাৰ
প্ৰাক্তন আলফা সদস্যৰ মৃত দেহ উদ্ধাৰ
উল্লেখ্য যে, বৃহস্পতি বাৰে নিশাৰ ভাগতে ঘৰৰ পৰা ওলাই গৈছিল প্ৰাক্তন আলফা সদস্য জন ৷ আনহতে,মৃত আলফা সদস্যগৰাকীৰ দেহৰ কেইবাটাও স্থানত আঘাটৰ চিন স্পষ্ট ৷ মুখৰ দাঁত ভাগিযোৱাৰ লগতে মুৰতো আঘাতৰ চিন স্পষ্ট ৷ সেয়েহে কোনোবাই হত্যা কৰি পেলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷
Last Updated : Oct 22, 2019, 12:52 PM IST