অসম

assam

ETV Bharat / state

Ex ULFA coordination committee: প্ৰাক্তন আলফাৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ শীঘ্ৰেই নিষ্পত্তিৰ দাবী - গৰাখহনীয়া সমস্যা

প্ৰাক্তন আলফাসকলক চৰকাৰে মাহী আইৰ চকুৰে চাই অহাৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন আলফা (স্বা:) সমন্বয়ৰক্ষী সমিতিয়ে ৷ বিভিন্ন থানাত প্ৰাক্তন আলফা সদস্যৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহ বিনাচৰ্তে শীঘ্ৰেই নিষ্পত্তি কৰাৰ দাবী জনাইছে সমন্বয়ৰক্ষী সমিতিয়ে (Ex Ulfa I coordination committee)৷

Ex Ulfa I coordination committee
প্ৰাক্তন আলফাৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ শীঘ্ৰেই নিষ্পত্তিৰ দাবী

By

Published : Oct 13, 2022, 9:45 PM IST

মাজুলী, 13 অক্টোবৰ: মাজুলী তথা অসমৰ সম্ভাৱনাময় এগৰাকী সুকন্ঠী গায়িকা তেজস্বিতা বৰুৱাক(Tezaswita Boruah death) হেৰুৱাই গভীৰ শোক প্ৰকাশ কৰিছে প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী সমিতিয়ে (Ex Ulfa I coordination committee)। মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাবৰ প্ৰয়াত অৰুণ বৰা সোঁৱৰণি সভাকক্ষত এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী সমিতিয়ে এই কথা প্ৰকাশ কৰে ।

সমিতিৰ সভাপতি ৰহেন্দ্ৰ মৰাণৰ লগতে মাজুলীৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত থকা উক্ত সংবাদমেলত প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিয়ে আপোচবিহীনভাৱে সমাজৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰি অসমৰ জনসাধাৰণৰ সুখ-দুখৰ সমভাগী প্ৰাক্তন আলফাই অন্যায় নীতিক কেতিয়াও সমৰ্থন নকৰে বুলি মত প্ৰকাশ কৰে ৷

প্ৰাক্তন আলফাৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ শীঘ্ৰেই নিষ্পত্তিৰ দাবী

সকলো জাতি-জনগোষ্ঠীৰ সম উন্নয়ন, সম অধিকাৰৰ বাবে কাম কৰাই প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিৰ মূল লক্ষ্য বুলি উল্লেখ কৰি সমিতিয়ে কেতিয়াবা অজানিতে ভুল কৰিলে ৰাইজক আঙুলিয়াই দিবলৈ আহ্বান জনোৱাৰ লগতে সমিতিয়ে ক্ষমা খুজিবলৈ কেতিয়াও কুন্ঠাবোধ নকৰে বুলি প্ৰকাশ কৰে৷ এশ এবুৰি মৌলিক সমস্যাই অসমক বেঢ়ি আছে বুলি প্ৰকাশ কৰি সমিতিয়ে কয় ৯০ দশকৰ পৰা সংগঠনৰ জেষ্ঠ্য-কনিষ্ঠ বহুত সদস্যই পেটত গামোচা বান্ধি জীৱন যাপন কৰিছে ৷

নানান সমস্যাৰে জৰ্জৰিত প্ৰাক্তন আলফাসকলক চৰকাৰে মাহী আইৰ চকুৰে চাই আহিছে বুলি মন্তব্য কৰে ৷ প্ৰাক্তন আলফাসকলক চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা বঞ্চিত কৰাৰো অভিযোগ তোলে সংবাদমেলত৷ চৰকাৰে প্ৰাক্তন আলফাসকলক সমদৃষ্টিৰে নাই চোৱা বুলিও অভিযোগ কৰি পূৰ্বৰ চৰকাৰ বাদেই বৰ্তমান বিজেপি চৰকাৰেও প্ৰাক্তন আলফাসকলৰ সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে আগন্তুক দিনত প্ৰাক্তন আলফাৰ সমস্যা দূৰীকৰণৰ দাবীত গণতান্ত্ৰিক আন্দোলনৰ পথ ল’বলৈ বাধ্য হ’ব বুলি সঁকিয়াই দিয়ে ।

সংবাদমেলত সকলো প্ৰাক্তন আলফাক একত্ৰিত কৰিবলৈ এখন অভিবৰ্তন আহ্বান কৰাৰ লগতে সদস্যসকল যি মঞ্চতে নাথাকক কিয় নীতি বহিৰ্ভূত কামৰ পৰা আঁতৰি থাকিবলৈ সকলোকে আহ্বান জনায় ৷ যিসকল সদস্য মূল সূঁতিলৈ ঘুৰি আহিছে তেওঁলোকক এককালীন সাহায্য দিয়েই চৰকাৰে দায়িত্ব সামৰিব খোজা বিষয়টো অতি হাস্যকৰ বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে প্ৰশিক্ষণপ্ৰাপ্তসকলক লৈ এটা বাহিনী গঠনৰ আহ্বান জনোৱাৰ লগতে বহুজাতিক কোম্পানীত জেষ্ঠ্য-কনিষ্ঠ সকলোকে মকৰল কৰি সেৱা আগবঢ়াবলৈ সুবিধা দিব লাগে বুলি আহবান জনায় ৷

ইয়াৰ ওপৰিও অসমৰ লগতে ভিন্ন ৰাজ্যত প্ৰাক্তন আলফাসকলৰ ওপৰত থকা গোচৰসমূহ শীঘ্ৰে নিষ্পত্তিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহবান জনায় ৷ নহ’লে আৰ্থিকভাৱে তেওঁলোক সৰ্বস্বান্ত হ’ব বুলি উল্লেখ কৰি প্ৰাক্তন আলফাসকলে বেলেগ পথ বাছি ল’বলৈ বাধ্য হ’ব বুলিও কয় ৷ অলপতে এটা সজাতি দলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা সংবাদমেলত অৱগত কৰি যি ৩৬ গৰাকী আত্মসমৰ্পণ কৰা আলফা সদস্যক আৰ্থিক অনুদান দিয়াৰ কথা কৈছিল সেয়া পালন কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় (Financial aid to surrendered ULFA I cadre)৷

সভাপতিগৰাকীয়ে ঐতিহাসিক মাজুলী তথা পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা মাজুলীবাসীৰ সৰলতাক দূৰ্বলতা বুলি নাভাবিৱলৈ চৰকাৰক আহবান জনাই মাজুলীবাসীয়ে যাতে মাজুলীতে উন্নত চিকিৎসা লাভ কৰে তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহবান জনায় ৷ ইফালে মাজুলীবাসীক আতংকিত কৰা গৰাখহনীয়া সমস্যা শীঘ্ৰে বিজ্ঞানসন্মত ভাৱে সমাধান কৰিবলৈ চৰকাৰক দাবী জনায় ৷

সমান্তৰালভাৱে সমগ্ৰ অসমৰ শিক্ষা ব্যৱস্থা উন্নত কৰা, বিধান সভাত কাজিয়া, বোকা ছঁটিওৱা ৰাজনীতিৰ পৰা আঁতৰি থাকি জনসাধাৰণৰ মৌলিক সমস্যা দূৰ কৰাৰ বাবে মাত মাতিবলৈ জনপ্ৰতিনিধিসকলক আহবান জনায়৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ দাবীদাৰ মাজুলীৰ ধৰ্মীয় স্থানসমূহ জাকত জিলিকা কৰি তুলিবলৈ চৰকাৰক আহবান জনায় ৷

লগতে প্ৰাক্তন আলফা স্বধীন সমন্বয়ৰক্ষী(Ex Ulfa I coordination committee) অসমৰ সভাপতি ৰহেন্দ্ৰ মৰাং বিস্ফোৰক মন্তব্য প্ৰদান কৰি কয় যে অসমৰ বিভিন্ন জিলাৰ থানাসমূহত ৰুজু হৈ থকা গোচৰসমূহ(Cases against ex ULFA cadre) যদি চৰকাৰে বিনাচৰ্তে নিষ্পতি চলিত বৰ্ষৰ ভিতৰত নকৰে তেতিয়া পুনৰ অস্ত্ৰ হাতত তুলি ল’ব বুলি হুংকাৰ দিয়ে ৷

লগতে পঢ়ক:Russia Ukraine War : অসমত উপস্থিত হোৱা বিদেশী যুৱক-যুৱতীৰ মুখত ইউক্ৰেইন-ৰাছিয়াৰ প্ৰসংগ

ABOUT THE AUTHOR

...view details