বিজেপিক সমালোচনা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ মাজুলী, 31 জুলাই : "এই চৰকাৰখনৰ বিজেপিৰ যিসকল নেতা-কৰ্মী তেওঁলোকক সংস্থাপিত কৰিবৰ কাৰণে ছিণ্ডিকেট ছিষ্টেমত চলি আছে ৷ অসমত যদি শাক-পাচলিৰ দাম বাঢ়িছে তেন্তে ছিণ্ডিকেটৰ বাবে বাঢ়িছে ৷ চৰকাৰখনে আজি কিয় ছিণ্ডিকেটৰ দালাল সমূহক ধমকি লগা পৰা নাই ৷ যি সকলে দালালগিৰী কৰি দাম বৃদ্ধি কৰিছে সেইসকলক জেলত ভৰোৱাৰ, লাইচেঞ্চ জব্দ কৰাৰ ধমকি দিলে পিছদিনাৰ পৰাই ছিণ্ডিকেট নাইকিয়া হ’ব ৷" এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰাজীৱ লোচন পেগুৰ ৷
দেওবাৰে মাজুলীৰ জেংৰাইমুখৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰিবলৈ আহি সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীজনে ৷ তেওঁ কয় যে, এইখন চৰকাৰ কেৱল ছিণ্ডিকেটৰ ওপৰত চলি আছে ৷ প্ৰত্যেক বজাৰত এজন এজন বিজেপি কৰ্মী ছিণ্ডিকেটৰ ৰজা হৈ বহি আছে ৷ সেয়েহে আজি দাম বৃদ্ধি হৈছে বুলি কয় নেতাজনে ৷
ইফালে মিচিং স্বায়ত্তশাসিত পৰিষদ এইবাৰ কংগ্ৰেছে দখল কৰিব বুলি দাবী কৰিলে প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে ৷ স্বায়ত্তশাসিত পৰিষদ কংগ্ৰেছে দখল কৰিব বুলি দাবী কৰি তেওঁ কয় যে, ৰাইজে গণ শক্তিক প্ৰত্যাখান কৰিছে, ৰাইজে তেওঁলোকৰ ভণ্ডামি বুজি পাইছে ৷ গণ শক্তিৰ পিতৃ, ৰণোজ পেগু বিজেপিলৈ বিয়া হৈ গুচি গ'ল বুলি উল্লেখ কৰে তেওঁ ৷
আনহাতে ভূপেন বৰা প্ৰসংগত প্ৰাক্তন মন্ত্ৰীজনে কয় যে, দলটোক অপকাৰ কৰিব পৰা কোনো কামেই দলৰ নেতা সকলে কৰিব নালাগে আৰু নকৰে ৷ লগতে তেওঁ কয় যে, কংগ্ৰেছ দল ৰাহুল গান্ধীৰ নেতৃত্বত আগবাঢ়ি গৈ আছে ৷ আৰু 2024ত দিল্লীত কংগ্ৰেছ দল আহি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, 2026ত অসমতো কংগ্ৰেছে চৰকাৰ গঠন কৰিব ৷
লগতে পঢ়ক :Pranab Saikia murder case: এছ পি আনন্দ মিশ্ৰৰ ভাষণ নালাগে, লাগে এক্সন; লখিমপুৰত ৰাইজৰ প্ৰতিবাদ