অসম

assam

By

Published : May 18, 2021, 2:23 PM IST

Updated : May 18, 2021, 4:16 PM IST

ETV Bharat / state

মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ

৯২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলঙৰ দৈৰ্ঘ্য ৮ কিলোমিটাৰ । সম্প্ৰতি মাজুলী দক্ষিণপাট অঞ্চলত প্ৰায় ৫০ বিঘা মাটি লিজত লৈ দলঙৰ যাৱতীয় সা-সামগ্ৰী মজুত কৰিছে নিৰ্মাণকাৰী সংস্থাই ৷

মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ
মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ

মাজুলী, 18 মে':মাজুলীবাসীৰ বহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষতে আৰম্ভ হৈছে ৷ সেই অনুসৰি দক্ষিণপাট-হাতীশালৰ মাজত নিৰ্মাণ হ’বলগীয়া দলঙখনৰ পথ সংলগ্ন সমূহ দিশ সামৰি তথা মানচিত্ৰকে ধৰি সকলো যাৱতীয় ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ কাম সমাপ্ত হৈছে ৷

উল্লেখযোগ্য যে, ৯২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া দলঙৰ দৈৰ্ঘ্য ৮ কিলোমিটাৰ । সম্প্ৰতি মাজুলী দক্ষিণপাট অঞ্চলত প্ৰায় ৫০ বিঘা মাটি লিজত লৈ দলঙৰ যাৱতীয় সা-সামগ্ৰী মজুত কৰিছে নিৰ্মাণকাৰী সংস্থাই ৷ জানিব পৰা মতে বাৰিষাৰ সময়ছোৱাতো নিৰ্মাণকাৰী সংস্থাই দলঙ খনৰ কাম অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে ৷

মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ

আনহাতে, মঙলবাৰৰ পৰাই নিৰ্মাণ হ’বলগীয়া দলঙখনৰ বাবে ব্ৰহ্মপুত্ৰৰ মাজত চইল(soil) টেষ্ট আৰম্ভ কৰিছে নিৰ্মাণকাৰী সংস্থাই । পানীৰ পৰা প্ৰায় ৬০ মিটাৰ তলত মাটিৰ পৰীক্ষা নিৰীক্ষা কৰাৰ লগতে আগন্তুক ১৫ দিনৰ ভিতৰ চইল টেষ্ট সম্পন্ন কৰি ১ মাহৰ ভিতৰত ৰিপোৰ্ট প্ৰদান কৰিব সংস্থাটোৱে ।

সামগ্ৰীকভাৱে দলঙখনত ৬৫ টা খুটা থাকিব তাৰে ১০ টাকৈ খুটা সম্পূৰ্ণ বিশাল ব্ৰহ্মপুত্ৰৰ বক্ষত নিৰ্মাণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ মনকৰিবলগীয়া যে, আগন্তুক তিনি মাহৰ ভিতৰত দলঙখনৰ খুটা নিৰ্মাণ কাম আৰম্ভ হ’ব বুলি নিৰ্মাণকাৰী সংস্থাই সদৰি কৰিছে ৷ ক’ৰণা মহামাৰীয়ে যদিও দলঙ নিৰ্মাণৰ কামত স্থবিৰতা আনিছে তথাপিও নিৰ্মাণকাৰী সংস্থাই দলঙ খনৰ নিৰ্মাণৰ যাবতীয় কাম-কাজ চলাই নিছে ৷

লগতে পঢ়ক- ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

Last Updated : May 18, 2021, 4:16 PM IST

ABOUT THE AUTHOR

...view details