অসম

assam

ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : সুধাকণ্ঠক উদ্ধাৰ বাবে আহিল উদ্ধাৰকাৰী দল ! - majuli

ইটিভি ভাৰতৰ বাতৰিৰ পাছতে সুধাকণ্ঠক উদ্ধাৰ বাবে আহিল এটি দল । মাজুলী কমলাবাৰী ফেৰী ঘাটত ব্ৰহ্মপুত্ৰত ডুৱ যোৱা এম ভি সুধাকণ্ঠ ফেৰীখন উদ্ধাৰ কৰিলে অভিযান আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ।

efforts on to fish out ferry
efforts on to fish out ferry

By

Published : May 3, 2020, 7:49 PM IST

মাজুলী, 3 মে' :মাজুলী আৰু যোৰহাটৰ মাজত ব্ৰহ্মপুত্ৰৰ জলপথেৰে সেৱা আগবঢ়াইছিল এখন বিশেষ ফেৰীয়ে। জল পৰিবহন বিভাগৰ দ্বাৰা পৰিচালিত আছিল এই ফেৰীখন । অসমৰ বৰেণ্য শিল্পী ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰা ফেৰীখন বিভাগৰ অৱহেলাৰ বাবে ডুব গৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত । লাখ টকীয়া যন্ত্ৰ-পাতি আৰু সা-সম্পত্তি পানীৰ তলতে কেইবাদিনো পৰি থকাত যঠেষ্ট ক্ষতি হৈছিল । কুম্ভকৰ্ণ নিদ্ৰাত থকা বিভাগকটোক জগাবলৈ চেষ্টা কৰি ইটিভি ভাৰতে সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰিছিল ।

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : সুধাকণ্ঠক উদ্ধাৰ বাবে আহিল উদ্ধাৰকাৰী দল !

এদিন পূৰ্বে ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতে সাৰ পোৱা আভ্যন্তৰীণ জল পৰিবহন বিভাগে মাজুলীৰ আবেগ সুধাকণ্ঠক ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰিছে । যোৱা ৩ মাহ ধৰি যান্ত্রিক বিজুতিৰ বাবে কমলাবাৰী ফেৰী ঘাটত পৰি ৰৈছিল ফেৰীখন । কিন্তু মেৰামতিৰ নামত লক্ষ লক্ষ টকা খৰচ কৰিও বিভাগটোৱে কাৰ্যক্ষম কৰিব নোৱাৰিলে সুধাকণ্ঠ নামৰ ফেৰীখন । দেওবাৰে ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা সুধাকণ্ঠ নামৰ ফেৰীখন উদ্ধাৰৰ অভিযান চলাইছে বিভাগটোৱে । ইঞ্জিন আচবাব সা-সম্প্ৰতিসমূহ উদ্ধাৰৰো ব্যৱস্থা কৰিছে । সুধাকণ্ঠক উদ্ধাৰৰ বাবে বাতৰি পৰিবেশনেৰে বিভাগটোক জগায় তোলাত ইটিভি ভাৰতক ধন্যবাদ জ্ঞাপন কৰিলে মাজুলীৰ সচেতন ৰাইজে।

লগতে পঢ়ক :ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন সুধাকণ্ঠ

ABOUT THE AUTHOR

...view details