মাজুলী, ১৪ জুন: সোৱণশিৰি(Subansiri) নদীৰ খহনীয়া(erosion)ই কালৰূপ ধাৰণ কৰিছে নামনি মাজুলীৰ মলয়া চাপৰিত । খহনীয়াই ঘৰ-মাটি উছন কৰাৰ আশংকাত চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । এয়া প্ৰথম নহয়, প্ৰতি বছৰে বাৰিষা হ'লেই মলয়া চাপৰিত বাস কৰা এই লোকসকলৰ বিপদৰ সন্মুখীন হ'বলগীয়া হয় ।
এইবাৰো ব্যতিক্ৰম নহয় । ঘৰ-মাটি হেৰুওৱাৰ আশংকাত দিন কটাবলগীয়া হৈছে এই লোকসকলে । আসন্ন বিপদৰ পৰা ৰক্ষা পৰিবলৈ ইতিমধ্যে দুটা পৰিয়ালে নিৰাপদ স্থানলৈ স্থাানন্তৰ হৈছে । নিজে হাতেৰে সপোনৰ ঘৰখন ভাঙিবলগীয়া হৈছে ।
এই পৰ্যন্ত মাজুলীৰ উক্ত অঞ্চলটোত বাস কৰা বহু পৰিয়ালৰ খেতি মাটি খহনীয়াত জাহ গৈছে । ফলত দিশহাৰা হৈ পৰিছে নদীৰ পাৰত বাস কৰা লোকসকল । সোৱণশিৰি নদীয়ে এফালৰ পৰা গ্ৰাস কৰিছে অঞ্চলটোৰ ৰাইজৰ ঘৰ, কৃষিভূমি ।