মাজুলী, 23 মে’: দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় লহৰৰ ভয়াৱহতা ৷ একে সময়তে সমস্যা জৰ্জৰিত ৰাজ্যখনত এতিয়া প্ৰকৃতিয়েও ধাৰণ কৰিছে কালৰূপ ৷ ধুমুহা, ভুমিকম্পৰ পিছত এতিয়া গৰাখহনীয়াই আতংকৰ সৃষ্টি কৰিছে ৰাজ্যবাসীৰ মাজত ।
উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নামনি মাজুলীৰ বহু অঞ্চলত ৷ আনহাতে, ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ ফলত প্ৰায় নিঃশেষ হ’বলৈ ধৰিছে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ বিৰিনাবাৰী কৰ্দৈগুৰি অঞ্চল।
বছৰটোৰ প্ৰথমটো বাৰিষাতে এতিয়া নামনি মাজুলীৰ বিৰিণাবাৰী আৰু কৰ্দৈগুৰিগুৰি অঞ্চলৰ বাসিন্দাসকলে নিজৰ ভেটি-মাটি হেৰুওৱাৰ আশংকাত কটাবলগীয়া হৈছে বিনিদ্ৰ-ৰজনী ৷
ইফালে, বৰ্তমানলৈকে মাজুলীৰ উক্ত অঞ্চলটোত বাস কৰা বহু পৰিয়ালৰ খেতিমাটি খহনীয়াৰ কবলত পৰাৰ পিছত দিশহাৰা হৈ পৰিছে অঞ্চলবাসী । এফালৰ পৰা ব্ৰহ্মপুত্ৰই গ্ৰাস কৰি গৈছে অঞ্চলটোৰ মাটি, ভেটি, ঘৰ কিম্বা খেতিপথাৰ।
গৰাখহনীয়াই সংকট মাতিছে নদী দ্বীপ মাজুলীলৈ আনহাতে, মাজুলীৰ ভৌগলিক সুৰক্ষাৰ দায়িত্ব লোৱা ব্ৰহ্মপুত্ৰ ব’ৰ্ডক শেহতীয়াকৈ মাজুলীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বহু কোটি টকা মোকলাই দিয়া হৈছিল যদিও, বৰ্তমানলৈকে মাজুলীৰ গৰাখহনীয়া সমস্যা প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই ব্ৰহ্মপুত্ৰ ব’ৰ্ড ।
ইফালে, টি.কে নামৰ এটা ব্যক্তিগত কোম্পানী তথা বিভাগীয় কৰ্তৃপক্ষৰ চৰম অবহেলা তথা দায়িত্বহীনতাৰ বাবেই বছৰ বছৰ ধৰি মাজুলীৰ অধিকাংশ অঞ্চলৰ লোকে এনেদৰে দুৰ্বিসহ জীৱন অতিবাহিত কৰি আহিবলগীয়া হৈছে বুলিও এতিয়া উত্থাপিত হৈছে অভিযোগ ।
লগতে পঢ়ক :৫ টা গৰুসহ বৰপেটাত দুই চোৰাং গৰু বেপাৰী আটক