মাজুলী, 26 নৱেম্বৰ: মুদৈগাঁও বনগাঁও পথ নিৰ্মাণত অনিয়মৰ বাবে নিলম্বন হ’ল পথৰ দায়িত্বত থকা কণিষ্ঠ অভিযন্তা সীমান্ত দত্ত। পথ নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ বাতৰি ইটিভি ভাৰত অসমত ধাৰাবাহিক প্ৰচাৰ হোৱাৰ পাচতেই গড়কাপ্তানী বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষই গ্ৰহণ কৰে এই সিদ্ধান্ত ৷ অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ পথ সংমণ্ডলৰ আয়ুক্তই নিলম্বন কৰে অভিযন্তা সীমান্ত দত্তক ৷ পুচফাছ কনষ্ট্ৰাকচন কোম্পানীৰ নিৰ্মাণত বিসংগতিৰ বাবেই নিৰ্মীয়মান অৱস্থাতেই ভাগি পৰিছিল পথটো।
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ,মাজুলীত নিলম্বন কণিষ্ঠ অভিযন্তাক - কণিষ্ঠ অভিযন্তা সীমান্ত দত্ত
মাজুলীৰ মুদৈগাঁও বনগাঁও পথ নিৰ্মাণত অনিয়মৰ বাবে নিলম্বন পথ নিৰ্মাণৰ দায়িত্বত থকা কণিষ্ঠ অভিযন্তা সীমান্ত দত্তক ৷ ইটিভি ভাৰত অসমত পথ নিৰ্মাণত অনিয়মৰ খবৰ প্ৰকাশ পোৱাৰ পাচতেই অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ পথ সংমণ্ডলৰ আয়ুক্তৰ এই সিদ্ধান্ত ৷
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ, মাজুলীত নিলম্বন কণিষ্ঠ অভিযন্তাক
অৱশ্যে তাৎপৰ্যপূৰ্ণ ভাৱে ঠিকাদাৰ হেমন্ত বৰাৰ ওপৰত বৰ্তমানেও কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই উৰ্দ্ধতন কৰ্তৃপক্ষই ৷ ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবেই হেমন্ত বৰাৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ ৷
- লগতে চাওক-ধেমাজিত চোৰে থপিয়ালে টকা ভৰ্তি বেগ
Last Updated : Nov 26, 2019, 10:11 PM IST