মাজুলী,9 মাৰ্চঃসামৰণি পৰিল মাজুলীত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈ থকা সপ্তম মিছিং যুৱ মহোৎসৱৰ ৷ চাৰিটা দিন উখল মাখল পৰিৱেশৰ মাজত জেংৰাইমুখৰ কুমাৰবাৰীৰ চিমিৰ পথাৰত অনুষ্ঠিত হয় সপ্তম মিছিং যুৱ মহোৎসৱ ৷ অসমৰ বিভিন্ন জিলাৰ ৫ হাজাৰ প্ৰতিনিধি আৰু লক্ষাধিক লোকৰ সমাগমে বৰ্ণময় কৰি তুলিছিল সমগ্ৰ অনুষ্ঠানটো । জেংৰাইমুখৰ কুমাৰবাৰীত খেৰকটা নদীৰ পাৰত যোৱা ৫ মাৰ্চ ২০২০ৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত সপ্তম মিচিং যুৱ মহোৎসৱৰ অন্তিম দিনাৰ সামৰণিঅনুষ্ঠানত দেওবাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । লক্ষণীয়ভাৱে কিংবদন্তী গায়িকা উষা মংগেশকাৰৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ অধিক শোভা বৰ্ধন কৰে ৷ তেওঁ সামৰণি অনুষ্ঠানত কেইবাটাও অসমীয়া গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে ৷
মাজুলীত উষা মংগেশকাৰক সম্বৰ্ধনা জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
দেওবাৰে সামৰণি পৰিল খেৰকটীয়া নদীৰ পাৰৰ কুমাৰবাৰীৰ চিমিৰ পথাৰত চাৰি দিনীয়াকৈ অনুষ্ঠিত সপ্তম মিছিং যুৱ মহোৎসৱৰ ৷ কিংবদন্তী গায়িকা উষা মংগেশকাৰৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ অধিক শোভা বৰ্ধন কৰে ৷ কন্ঠশিল্পীগৰাকীক আয়োজক সমিতিৰ লগতে সমগ্ৰ অসমবাসীৰ হৈ আন্তৰিক সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
মাজুলীত উষা মংগেশকাৰক সম্বৰ্ধনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
অনুষ্ঠানত অসমৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত নৱ কুমাৰ দলে, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক শ্ৰীযুত ভূৱন পেগু, ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ কুমাৰ পেগু, বিহপুৰীয়াৰ বিধায়ক শ্ৰীযুত দেৱানন্দ হাজৰিকা, মাজুলীৰ উপায়ুক্ত শ্ৰীবিক্ৰম কৈৰী, মিচিং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী পৰমানন্দ চায়েংগীয়াই অংশগ্ৰহণ কৰে ৷ কন্ঠশিল্পীগৰাকীক আয়োজক সমিতিৰ লগতে সমগ্ৰ অসমবাসীৰ হৈ আন্তৰিক সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷