অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সমষ্টিত পথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি! - etv assam

ইটিভি ভাৰত অসমৰ ধাৰাবাহিক বাতৰি পৰিবেশনৰ পাছত গা লৰিল মাজুলী জিলা প্ৰশাসনৰ। অৱশেষত জিলা প্ৰশাসনে বন্ধ কৰি দিলে ঠিকাদাৰ হেমন্ত বৰাৰ মুদৈগাঁও- ধৌৱাচলা বনগাঁৱৰ পথ নিৰ্মাণৰ কাম ৷

মুখ্যমন্ত্ৰীৰ সমষ্টি

By

Published : Sep 10, 2019, 11:21 AM IST

মাজুলী, 10 চেপ্তেম্বৰঃ চৰকাৰ সলনি হ’ল কিন্তু সলনি নহ’ল ৰাজ্যৰ বাট পথ। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা সোণোৱাল চৰকাৰৰ দিনটেই পথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি। খোদ মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ গড়কাপ্তানি বিভাগত প্ৰহসনৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ইটিভি ভাৰত অসমৰ ধাৰাবাহিক বাতৰি পৰিবেশনৰ পাছত গা লৰিল মাজুলী জিলা প্ৰশাসনৰ। অৱশেষত জিলা প্ৰশাসনে বন্ধ কৰি দিলে ঠিকাদাৰ হেমন্ত বৰাৰ মুদৈগাঁও- ধৌৱাচলা বনগাঁৱৰ পথ নিৰ্মাণৰ কাম ৷ তথ্যানুসৰি, জিলাখনৰ মুদৈগাঁও- ধৌৱাচলা বনগাঁৱৰ পথটো নিৰ্মিয়মান অৱস্থাতে এফালৰ পৰা ভাগি অহা পৰিলক্ষিত হৈছিল। তথ্য অনুসৰি বিভাগীয় বিষয়া অভিযন্ত্ৰাৰে মিতিৰালি কৰি কোটি কোটি টকা ৰাজহুৱা ধন খৰচ কৰিছিল ঠিকাদাৰে ৷ কিন্তু জিলা প্ৰশাসনৰ শেহতীয়া স্থিতিৰ বাবে জিলা প্ৰশাসনক ধন্যবাদ জনাই দল সংগঠন তথা সাধাৰণ ৰাইজে ঠিকাদাৰ গৰাকীৰ ওপৰত শাস্তি মূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

মুখ্যমন্ত্ৰীৰ সমষ্টি

ABOUT THE AUTHOR

...view details