মাজুলী , ৩১ জানুৱাৰী:মাজুলী মহাবিদ্যালয়ত সোমবাৰে 'মাজুলীৰ পঞ্চৰত্ন' প্ৰতিষ্ঠা দিৱস পালন কৰা হয় (Majulis Pancharatna foundation day celebrated) । ২০১৬ চনৰ পৰা ৩০ জানুৱাৰীত আধুনিক মাজুলীৰ প্ৰাণ প্ৰতিষ্ঠাতা পঞ্চপুৰোধা দত্তদেৱ গোস্বামী, মণিৰাম দত্ত মোক্তাৰ বৰবায়ন, পীতাম্বৰ দেৱ গোস্বামী, কেশৱৰাম বৰা আৰু তৰুণচন্দ্ৰ পামেগামৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হৈছিল । তেতিয়াৰে পৰাই ৩০ জানুৱাৰীত মাজুলী মহাবিদ্যালয়ত প্ৰতি বছৰে পঞ্চৰত্নৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা দিনটো 'মাজুলীৰ পঞ্চৰত্ন' দিৱস হিচাপে পালন কৰি অহা হৈছে (Pancharatna foundation day at Majuli College) ।
অষ্টম প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে সোমবাৰে মহাবিদ্যালয়খনৰ কেশৱৰাম বৰা প্ৰেক্ষাগৃহত এখন বিশেষ স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয় । কাৰ্যসূচীৰ আৰম্ভণিতে মহাবিদ্যালয়ত অৱস্থিত পঞ্চৰত্নৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ জেষ্ঠ অধ্যাপক অনিল চন্দ্ৰ হাজৰিকাই । ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ কেশৱৰাম বৰা প্ৰেক্ষাগৃহত মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰি ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অনিল চন্দ্ৰ হাজৰিকাই 'মাজুলীৰ পঞ্চৰত্ন'ৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি এনে ভূমিত নিজৰ কৰ্মজীৱন সম্পূৰ্ণ কৰিবলৈ পোৱাটো গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে।
এই সভাখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ, গৱেষক তথা মাজুলী মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ অৱসৰী প্ৰতিষ্ঠাপক মুৰব্বী ড৹ মাধৱ চন্দ্ৰ গোস্বামীয়ে তুলনামূলকভাৱে পিছপৰা মাজুলীৰ সামগ্ৰিক বিকাশ আৰু শৈক্ষিক উত্তৰণৰ দিশত মাজুলীৰ পঞ্চৰত্নই গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে আলোকপাত কৰে । তেওঁ লগতে তেওঁলোকৰ আদৰ্শ নৱ প্ৰজন্মৰ পাথেয় বুলি অভিহিত কৰে ।