অসম

assam

ETV Bharat / state

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণস্থলী পৰিদৰ্শন শিক্ষামন্ত্ৰীৰ - অসম চৰকাৰ

মাজুলীত উপস্থিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ শিক্ষামন্ত্ৰী পেগুৱে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত উপ-নিৰ্বাচনৰ সন্দৰ্ভত দলীয় কৰ্মীৰ সৈতে মত-বিনিময় কৰে ।

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণস্থলী পৰিদৰ্শন শিক্ষা মন্ত্ৰীৰ
মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণস্থলী পৰিদৰ্শন শিক্ষা মন্ত্ৰীৰ

By

Published : Aug 1, 2021, 9:40 PM IST

মাজুলী, 1 আগষ্ট :শেহতীয়াকৈ অসম চৰকাৰে (assam government) বিধানসভাত ঘোষণা কৰিছিল যে, মাজুলীত এখন সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব (cultural university) ৷ সেই ঘোষণাৰ পাছতে দেওবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী (educations minister) ডাঃ ৰণোজ পেগুৱে(ranoj pegu) সত্ৰপীঠ মাজুলীত প্ৰস্তাৱিত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খন নিৰ্মাণস্থলী পৰিদৰ্শন কৰে ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে নিৰ্মাণস্থলী পৰিদৰ্শন কৰি সাংবাদিকৰ বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে ইতিমধ্যে অসম চৰকাৰে 50 কোটি টকা আৱণ্টন দিয়াৰ কথা সদৰী কৰে ৷ লগতে প্ৰায় 1.33 কোটি টকাৰে নিৰ্মীয়মাণ অস্থায়ী কাৰ্যালয় আৰু শ্ৰেণীকোঠাৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ।

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণস্থলী পৰিদৰ্শন শিক্ষা মন্ত্ৰীৰ

সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ভূমিত চলি থকা খহনীয়াৰো বুজ লয় মন্ত্ৰী পেগুৱে ৷ ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত উপ-নিৰ্বাচনৰ সন্দৰ্ভত বিজেপিৰ দলীয় কৰ্মীৰ সৈতে মত-বিনিময় কৰে । উক্ত সভাতে একাংশ দলীয় কৰ্মীয়ে ২০১৪ চনৰ পৰা যিয়ে দলৰ হৈ কাম কৰি আছে, তেনে প্ৰাৰ্থীক উপ-নিৰ্বাচনত টিকট প্ৰদানৰ বাবে দাবী জনোৱা পৰিলক্ষিত হয় ৷

উল্লেখযোগ্য যে, সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰাৰ পাছতে মাজুলীৰ বিধানসভাৰ আসনখন খালী হৈ পৰে ৷

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণস্থলী পৰিদৰ্শন শিক্ষা মন্ত্ৰীৰ

সেয়ে সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ইতিমধ্যে সমষ্টিটোত কাক বিজেপি দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিব তাকলৈ ব্যাপক চৰ্চা অব্যাহত থকা দেখা গৈছে ৷ ইপিনে কংগ্ৰেছ দলেও মাজুলী সমষ্টিটোত উপ-নিৰ্বাচনৰ বাবে কঁকালত টঙালি বন্ধা দেখিবলৈ পোৱা গৈছে ৷ তাৰ মাজতে প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে মাজুলী জিলা কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা অব্যাহতি লোৱা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়কঃ উৎকণ্ঠাৰ অন্ত : কংগ্ৰেছ এৰি হাতত পদুম তুলি ল’লে সুশান্তই

ABOUT THE AUTHOR

...view details