অসম

assam

ETV Bharat / state

মাজুলি, গোলাঘাট-হোজাইতো ভূমিকম্পৰ আতংক

পুৱাই অহা 6.7 প্ৰাৱল্যৰ ভূমিকম্পই আতংকিত কৰি তুলিলে ৰাজ্যবাসীক ৷ ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলী, গোলাঘাট, হোজাইতো কম বেছি পৰিমাণে ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷

By

Published : Apr 28, 2021, 10:03 PM IST

ভূমিকম্পৰ আতংকত মাজুলি, গোলাঘাট-হোজাইতো একে পৰিবেশ
ভূমিকম্পৰ আতংকত মাজুলি, গোলাঘাট-হোজাইতো একে পৰিবেশ

বুধবাৰে পুৱা ভাগতে অহা 6.8 প্ৰাবল্যৰ ভূমিকম্পই আতংকিত কৰি তুলিলে ৰাজ্যবাসীক ৷ এই ভূমিকম্পৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷

মাজুলী : পুৱাৰ ভাগত অহা ভূমিকম্পই মাজুলীতো এক আতংকৰ সৃষ্টি কৰে ৷ মাজুলীৰ কেইবা ঠাইটো ঘৰৰ ফাঁট মেলা লগতে গছ উভালি পৰাকে ধৰি কম বেছি পৰিমাণে ক্ষয়-ক্ষতি হোৱা দেখা যায় ৷ ভূমিকম্পৰ ফলত মাজুলীৰ বনগাওঁ চাৰিআলিৰ এখন দোকানৰ পকা বেৰত ফাত মেলা দেখা যায় ।

ভূমিকম্পৰ আতংকত মাজুলি, গোলাঘাট-হোজাইতো একে পৰিবেশ

গোলাঘাট :সমগ্ৰৰ ৰাজ্যৰ লগতে গোলাঘাটতো পুৱা ভাগতে এক আতংকই বিৰাজ কৰে ৷ জিলাৰখনৰ সৰুপথাৰ, বোকাখাত, দেৰগাঁও, নুমলিগড়কে ধৰি কেইবা ঠাইত কম-বেছি পৰিমাণে ক্ষয়-ক্ষতি হোৱা দেখা যায় ৷ বৰ্তমান সময়লৈকে জিলাখনক কোনো লোক আহত-নিহত বোৱাৰ খবৰ লাভ কৰা নাই ৷

হোজাই : ভূমিকম্পৰ ফলত হোজাইৰ ৰাইকাটা কঁপিলী পাৰৰ খেতিপথাৰতো চিৰাঁল ফাট মেলা দেখা যায় ৷ স্থানীয় লোকে সদৰি কৰা মতে, কঁপিলী নদীৰ পাৰৰ খেতি পথাৰ ফাঁট মেলাৰ লগতে এটা বৃহৎ গাত সৃষ্টি হয় ৷ ভূমিকম্পৰ ফলত সৃষ্টি হোৱা গাতটোৰ পৰা বহু সময়লৈকে পানী নিৰ্গত হৈ থাকে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷

ভূমিকম্পৰ আতংকত মাজুলি, গোলাঘাট-হোজাইতো একে পৰিবেশ

ৰূপহীহাট :ৰূপহীহাটৰ লগতে জুৰীয়াতো বহু লোকৰ ঘৰত ক্ষয়-ক্ষতি হোৱাৰ বুলি জানিব পৰা গৈছে ৷ স্থানীয় লোকে সদৰি কৰা মতে বহু লোকৰ ঘৰ ঘৰৰ দেৱালত ফাঁট মেলাৰ লগতে দেৱাল খহি পৰে ৷ অঞ্চলটোত বিশেষ ক্ষয়-ক্ষতি নহলেও ৰূপহী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়, জুৰীয়া থানা, জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহসমূহ সম্পূৰ্ণৰূপে সুৰক্ষিত অৱস্থাত আছে বুলি জানিবলৈ স্থানীয় লোকে ৷

ভূমিকম্পৰ আতংকত মাজুলি, গোলাঘাট-হোজাইতো একে পৰিবেশ

লগতে পঢ়ক: তিনিটাকৈ ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য

ABOUT THE AUTHOR

...view details