অসম

assam

ETV Bharat / state

Majuli By Election 2022 : মাজুলীত ভোটগ্ৰহণ আৰু ভোট গণনাৰ দিনা ড্ৰাই ডে' ঘোষণা - ৭ মাৰ্চত মাজুলীত ড্ৰাই ডে'

ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ৭ মাৰ্চত মাজুলীত ড্ৰাই ডে' । ১০ মাৰ্চ বৃহস্পতিবাৰৰ দিনা ভোটগণনা শেষ নোহোৱা পৰ্যন্ত সমষ্টিটোত বাহাল থাকিব ড্ৰাই ডে'।

Majuli By Election 2022
৭ আৰু ১০ মাৰ্চত মাজুলীত Dry Day

By

Published : Mar 4, 2022, 1:29 PM IST

গুৱাহাটী,৪ মাৰ্চ:৭ মাৰ্চত মাজুলীত অনুষ্ঠিত হ'ব উপনিৰ্বাচন আৰু ১০ মাৰ্চত হ'ব ভোটগণনা । দুয়োটা দিনতে মজুলীত ড্ৰাই ডে' ঘোষণা ভাৰতীয় নিৰ্বাচন আয়োগৰ । জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ১৩৫ (চি) ধাৰা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় জানিবলৈ দিয়ে ।

এই আইন অনুসৰি কোনো স্পিৰিটযুক্ত দ্ৰব্য, গাঞ্জা, মদ আদি নিচাজাতীয় দ্ৰব্য হোটেল, দোকান, চৰকাৰী অথবা বেচৰকাৰী আন যিকোনো স্থানত বিতৰণ কৰাৰ ক্ষেত্ৰত সমষ্টিটোৰ নিৰ্বাচন শেষ নোহোৱালৈকে নিষিদ্ধ কৰা হৈছে । ৫ মাৰ্চ শনিবাৰৰ বিয়লি ৫ বজাৰ পৰা ৭ মাৰ্চ সোমবাৰ বিয়লি ৫ বজালৈকে ৪৮ ঘণ্টাৰ বাবে এই নিষেধাজ্ঞা কাৰ্যকৰী কৰা হ’ব ।

৭ আৰু ১০ মাৰ্চত মাজুলীত Dry Day

তদুপৰি ১০ মাৰ্চ বৃহস্পতিবাৰৰ দিনা ভোটগণনা শেষ নোহোৱা পৰ্যন্ত পুনৰ সমষ্টিটোত ড্ৰাই ডে' ঘোষণা কৰা হৈছে। আনহাতে যদি উক্ত সমষ্টিটোত পুনৰ ভোটগণনা অনুষ্ঠিত হয় তেতিয়াও ড্ৰাই ডে' ঘোষণা কৰা হ’ব । নিৰ্ধাৰিত ভোটগ্ৰহণ আৰু ভোটগণনাৰ দিনত সুৰাৰ দোকান, হোটেল, ৰেষ্টুৰেণ্ট, ক্লাৱ আৰু অন্যান্য প্ৰতিষ্ঠানত মদৰ বিক্ৰী আৰু পৰিৱেশন কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে ।

ইয়াৰ উপৰি মালিকনাধীন নোহোৱা ক্লাৱ, ষ্টাৰ হোটেল আদিত সুৰা পৰিবেশন সংক্ৰান্তত বিভিন্ন ধৰণৰ লাইচেন্স থাকিলেও উক্ত দিনকেইটাত সুৰা পৰিবেশনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আৱকাৰী আইনৰ অধীনত প্ৰদত্ত বিধি-নিষেধ অনুসৰি লাইচেন্সবিহীন স্থানত মদ সংৰক্ষণ আদিত নিষেধাজ্ঞা কঠোৰভাৱে প্ৰয়োগ কৰা হ’ব । আদেশ উলংঘন কৰিলে অসম আৱকাৰী আইন আৰু বিধিসমূহৰ প্ৰাসংগিক বিধান আৰু নিৰ্বাচনী বিধিৰ ১৩৫ (চি) ধাৰাৰ বিধানৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:Majuli By Election 2022 : মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details